
হোজাই, ১০ এপ্ৰিল (হি.স.)। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষনাৰ পিছতেই হোজাই শংকৰদেৱ ছিনিয়ৰ বিদ্যালয় আৰু কেএমকে বিদ্যালয়ত উৎসৱ মুখৰ পৰিবেশ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত শংকৰদেৱ চিনিয়ৰ বিদ্যালয়ৰ পৰা মুঠ ৩০ গৰাকী ছাত্র-ছাত্ৰী আৰু কেএমকে বিদ্যালয়ৰ পৰা মুঠ ৪০গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।
দুয়োখন বিদ্যালয় পৰা ১০০% ছাত্ৰ-ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হয়। শংকৰদেৱ চিনিয়ৰ বিদ্যালয় পৰা ৩ জনে ৯০% অধিক নম্বৰ পায় ২৯ গৰাকীয়ে প্ৰথম বিভাগত আৰু ১গৰাকী দ্বিতীয় বিভাগত উৰ্ত্তীণ হয়।
কেএমকে বিদ্যালয় পৰা ৩০গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম স্থান দখল আৰু দ্বিতীয় স্থানত ১০গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ন হয়। উল্লেখ্য বিদ্যালয় খনৰ ছাত্র-ছাত্রী সকলে সুখ্যাতিৰে উৰ্ত্তীণ হোৱাৰ বাবে ছাত্র-ছাত্রী সকলৰ মাজত ফটকা ফুটাই আনন্দ উল্লাস কৰা দেখা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ