
গুৱাহাটী, ১০ এপ্ৰিল(হি.স.)। গুৱাহাটীৰ গড়চুক অঞ্চলত শুকুৰবাৰে ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এজন যুৱকক মৃত অৱস্থাত উদ্ধাৰ হোৱাত স্থানীয় অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হয়। খবৰ অনুসৰি, ঘাইপথৰ কাষৰ এডাল গছত ডিঙিত চীপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহটো। স্থানীয় ৰাইজে মৃতদেহটোক প্ৰত্যক্ষ কৰি গড়চুক আৰক্ষীক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয়।
অৱশ্যে মৃত লোকজনৰ পৰিচয় বৰ্তমানো নিশ্চিত হোৱা নাই। পথৰ দাঁতিত অৱস্থিত এজোপা গছত ওলমি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ হোৱাৰ ফলত নিকটবৰ্তী অঞ্চলটোৰ বাসিন্দা সকলৰ মাজত আতংকৰ সৃষ্টি হয় । ঘটনাটোৰ তদন্ত আৰম্ভ কৰা হৈছে । অধিক সবিশেষ জানিবলৈ অপেক্ষা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ