
ধুবুৰী, ১০ এপ্ৰিল (হি.স.)। ধুবুৰী জিলাৰ ফকিৰগঞ্জ থানাৰ অন্তৰ্গত জামাদাৰপাৰা চৰত মাটিৰ তলত পুতি থোৱা অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ।ঘটনাস্থলীত উপস্থিত হয় ফকিৰগঞ্জ আৰক্ষী।স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে ফকিৰগঞ্জ আৰক্ষীক। মৃতদেহ চাবলৈ ঘটনাস্থলীত উপস্থিত হয় হাজাৰ হাজাৰ ৰাইজ। বৰ্তমানলৈকে মাটিৰ তলৰ পৰা বাহিৰ কৰা হোৱা নাই মৃতদেহটো। পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত ঘটনা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ