
শিৱসাগৰ, ১০ এপ্ৰিল (হি.স.)। শিৱসাগৰৰ নামতিত ধুমুহাৰ তাণ্ডৱৰ সৃষ্টি। আজি পুৱতি নিশা অহা এজাক প্ৰচণ্ড ধুমুহাই শিৱসাগৰ জিলাৰ নামতি তিপমীয়া গাৱত অৰ্ধ শতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে খেতি বাতিৰো যঠেষ্ট ক্ষয় ক্ষতি হয়। ধুমুহাৰ ফলত নামতি টিপমিয়া অঞ্চলটোৰ বৃহৎ বৃহৎ গছ উভালি পৰাৰ লগতে বহু পৰিয়ালৰ বাসগৃহৰ টিনপাত উৰুৱাই নিয়াৰ ফলত অঞ্চলটোৰ খাটি খোৱা সৰ্বসাধাৰণ ৰাইজৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে।
ধুমুহাত বিধ্বস্ত পৰিয়াল সমূহৰ বৰ্তমান হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে। গৃহহীন হৈ পৰিছে বহু দৰিদ্ৰ পৰিয়াল। ধুমুহাৰ ফলত সমগ্ৰ অঞ্চলজুৰি ব্যাহত হৈ আছে বিদ্যুত যোগান ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ