ছত্তীশগড়ৰ কাংকেৰত দুখন গাড়ীৰ সংঘৰ্ষত এটি নৱজাতককে ধৰি ৬ জন লোকৰ মৃত্যু
কাংকেৰ, ১০ এপ্ৰিল (হি.স.)। ছত্তীশগড় জিলাৰ কাংকেৰ জিলাৰ কোতৱালি থানা এলেকাৰ নাথিয়া নৱগাঁৱৰ সমীপত বৃহস্পতিবাৰে গভীৰ নিশা দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ লাগে। এই ঘটনাত থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। কোতৱালি আৰক্ষীৰ
दो कारों की टक्कर में मासूम सहित छह की मौत, तीन गंभीर


কাংকেৰ, ১০ এপ্ৰিল (হি.স.)। ছত্তীশগড় জিলাৰ কাংকেৰ জিলাৰ কোতৱালি থানা এলেকাৰ নাথিয়া নৱগাঁৱৰ সমীপত বৃহস্পতিবাৰে গভীৰ নিশা দুখন গাড়ীৰ মুখামুখি সংঘৰ্ষ লাগে। এই ঘটনাত থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰভাৱে আহত হয়।

কোতৱালি আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি নিশা প্ৰায় ১১ বজাত সংঘটিত হয় এই দুৰ্ঘটনা। পৰিয়ালটো কাংকেৰৰ উদাকুডাৰ আছিল। জানিব পৰা মতে, চিৱৰাঞ্জত বিবাহ অনুষ্ঠানত অংশ লৈ নিজৰ গাঁও উদাকুডালৈ উভতি আহি থকা অৱস্থাত নাথিয়া নৱগাঁৱৰ সমীপত তেওঁলোকৰ গাড়ীখন আন এখন গাড়ীৰ সৈতে খুন্দা মাৰে। দুয়োখন গাড়ীয়ে তীব্ৰ বেগেৰে গৈ আছিল, আৰু সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে বাহনসমূহ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল। একেটা পৰিয়ালৰ তিনিগৰাকী মহিলা, দুজন পুৰুষ আৰু এটা শিশুৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আনখন গাড়ীত থকা তিনিজন লোক গুৰুতৰভাৱে আহত হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষী প্ৰশাসনে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায়, য’ত তেওঁলোক বৰ্তমান চিকিৎসাধীন হৈ আছে। কাংকেৰৰ আৰক্ষী অধীক্ষক নিখিল ৰাখেচাও ঘটনাস্থলী পৰিদৰ্শন কৰে। ততাতৈয়াকৈ আহত তিনিজনক এম্বুলেন্সেৰে কাংকেৰ জিলা চিকিৎসালয়লৈ লৈ যোৱা হয়। চিকিৎসকৰ মতে, সকলোৰে অৱস্থা সংকটজনক আৰু নিৰন্তৰ নিৰীক্ষণ অব্যাহত আছে। সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত কৰি দুৰ্ঘটনাটোৰ কাৰণ নিৰ্ণয় কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।

নাথিয়া নৱগাঁৱৰ সমীপত দুখন গাড়ীৰ সংঘৰ্ষত ছয়জন লোক নিহত হোৱাৰ লগতে তিনিজন লোক আহত হয় বুলি কাংকেৰৰ আৰক্ষী অধীক্ষক নিখিল ৰাখেচাই উল্লেখ কৰে। আৰক্ষীয়ে ঘটনাৰ তদন্ত কৰি মৃত লোকজনৰ তথ্য সংগ্ৰহ কৰি আছে। ইফালে মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গত ৰখা হৈছে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালকেইটাক গতাই দিয়া হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande