শ্ৰীৰামপুৰত পাচলিৰ তলত লুকুৱাই অনা ১৪ টা দমৰা গৰু সহ বলেৰো পিক্আপ ভান জব্দ
শ্ৰীৰামপুৰত পাচলিৰ তলত লুকুৱাই অনা ১৪ টা দামৰা গৰু সহ এখন এএছ 16 এ 7864 নম্বৰৰ বলেৰো পিক্আপ ভান জব্দ।
শ্ৰীৰামপুৰত পাচলিৰ তলত লুকুৱাই অনা ১৪ টা দমৰা গৰু সহ বলেৰো পিক্আপ ভান জব্দ


কোকৰাঝাৰ, ১০ এপ্ৰিল (হি.স.): কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত পাচলিৰ তলত লুকুৱাই অনা ১৪ টা দমৰা গৰু উদ্ধাৰ কৰে। এই সন্দৰ্ভত গো ধন সৰৱৰাহ কৰা এএছ ১৬ এ ৭৮৬৪ নম্বৰৰ বলেৰো পিক্আপ ভান জব্দ কৰা হৈছে।

শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সন্দীপ সন্দিকৈৰ আৰু গোসাঁইগাঁও মহকুমা আৰক্ষী বিষয়া মন্টুৰাম বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অসম অভিমুখে গৈ থকা আলু পিয়াজৰ বস্তাৰ তলৰ পৰা ১৪ টা গৰুৰ পোৱালি উদ্ধাৰ কৰে ।

ভৰি মুখ বান্ধি বস্তাৰ তলত লুকুৱাই অনা ১৪ টা গৰু পোৱালিৰ ভিতৰত সাতটা গৰু পোৱালিক (দামৰা) মৃত অৱস্থাত উদ্ধাৰ কৰে। বলেৰো পিক্আপ ভানৰ চালক আৰু এজনক আৰক্ষীয়ে আটক কৰে । আটকাধীন যুৱক দুজন হৈছে ইমানুল আৰু ছাইফুল ইছলাম । দুয়োৰে ঘৰ গোৱালপাৰা জিলাৰ লক্ষীপুৰত । দামৰা গৰুবোৰ পশ্চিমবংগৰ কোচবিহাৰৰ পৰা লক্ষীপুৰ লৈ নিয়া সময়ত শ্ৰীৰামপুৰ আহি আৰক্ষীৰ জালত পৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande