
লক্ষীমপুৰ, ১০ এপ্ৰিল (হি.স.)। মাজনিশা ঘিলামৰাৰ মৰনৈ চাপৰি তিনিআলিত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। বিহুৰ বজাৰৰ সামগ্ৰী ভৰ্ত্তি দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত। ৰঙালি বিহু দুৱাৰ দলিত।
বিহু উপলক্ষে গ্ৰাহকৰ চাহিদা পুৰণ কৰিবলৈ কেইবা লাখ টকাৰ বিহুৰ প্ৰয়োজনীয় সামগ্ৰী সংগ্ৰহ কৰি প্ৰতিষ্ঠান দুখনত ভৰাই থৈছিল। ব্যৱসায়িক
প্ৰতিষ্ঠান দুখনৰ স্বত্বাধিকাৰী আছিল পূৰ্ণানন্দ সেনাপতি আৰু বিশ্বজিৎ সেনাপতি। এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৮ লক্ষাধিক টকা মূল্যৰ বিভিন্ন সা-সামগ্ৰী ক্ষতিগ্রস্ত হোৱা বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা