অলংকাৰ বজাৰত সোণৰ দাম হ্ৰাস, ৰূপৰো চমক হ্ৰাস
নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। বৃহস্পতিবাৰৰ মুকলি ব্যৱসায়ৰ তুলনাত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২,১৭০ টকা হ্ৰাস পাই ২,৩৬০ টকা হৈছে। একেদৰে ৰূপৰ মূল্যও কালিৰ মুকলি ব্যৱসায়ৰ ত
प्रतीकात्मक


নতুন দিল্লী, ১০ এপ্ৰিল (হি.স.)। আজিৰ আৰম্ভণিৰ ব্যৱসায়ৰ সময়ত ঘৰুৱা অলংকাৰ বজাৰত নিম্নগামী ধাৰা দেখা গৈছে। বৃহস্পতিবাৰৰ মুকলি ব্যৱসায়ৰ তুলনাত সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ২,১৭০ টকা হ্ৰাস পাই ২,৩৬০ টকা হৈছে। একেদৰে ৰূপৰ মূল্যও কালিৰ মুকলি ব্যৱসায়ৰ তুলনাত প্ৰতি কিলোগ্ৰামত ৫,২০০ ₹ হ্ৰাস পাইছে।

সোণৰ মূল্য হ্ৰাস পোৱাৰ বাবে সমগ্ৰ দেশৰ প্ৰায়বোৰ অলংকাৰ বজাৰত ২৪ কেৰেট সোণৰ ব্যৱসায় প্ৰতি ১০ গ্ৰামত ১,৫১,৪৭০ টকাৰ পৰা ১,৫২,৭২০ টকাৰ ভিতৰত চলি আছে। ইফালে ২২ কেৰেট সোণৰ বিক্ৰী প্ৰতি ১০ গ্ৰামত ১,৩৮,৮৪০ টকাৰ পৰা ১,৩৯,৯৯০ টকাৰ ভিতৰত বিক্ৰী হৈছে। একেদৰে ৰূপৰ মূল্যবৃদ্ধিৰ বাবে এই চিকচিকিয়া ধাতুটো আজি দিল্লীৰ অলংকাৰ বজাৰত প্ৰতি কিলোগ্ৰামত ২,৫৪,৯০০ টকাত বিক্ৰী কৰা হৈছে।

দিল্লীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫১,৬২০ টকা বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৮,৯৯০ টকা ৰেকৰ্ড কৰা হৈছে। দেশৰ বিত্তীয় ৰাজধানী মুম্বাইত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দৰ ১,৫১,৪৭০ টকা আৰু ২২ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৩৮,৮৪০ টকাত বিক্ৰী হৈছে। একেদৰে আহমেদাবাদত ২৪ কেৰেট সোণৰ খুচুৰা মূল্য প্ৰতি ১০ গ্ৰামত ১,৫১,৫২০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৮,৮৯০ টকা ৰেকৰ্ড কৰা হৈছে।

এই প্ৰধান চহৰসমূহৰ বাহিৰেও আজি চেন্নাইত ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫২,৭২০ টকা আৰু ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১,৩৯,৯৯০ টকা। একেদৰে কলকাতাতো ২৪ কেৰেটৰ সোণৰ দাম প্ৰতি ১০ গ্ৰামত ১,৫১,৪৭০ টকা আৰু ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৮,৮৪০ টকা। ভূপালত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫১,৫২০ টকাত বিক্ৰী হোৱাৰ বিপৰীতে ২২ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৮,৮৯০ টকাত বিক্ৰী হৈছে।

লক্ষ্ণৌৰ অলংকাৰ বজাৰত আজি ২৪ কেৰেটৰ সোণৰ প্ৰতি ১০ গ্ৰামত ১,৫১,৬২০ টকা আৰু প্ৰতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ দৰ ১,৩৮,৯৯০ টকা। পাটনাত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৫১,৫২০ টকা, আনহাতে ২২ কেৰেট সোণৰ মূল্য প্ৰতি ১০ গ্ৰামত ১,৩৮,৮৯০ টক। জয়পুৰত ২৪ কেৰেটৰ সোণ প্ৰতি ১০ গ্ৰামত ১,৫১,৬২০ টকা আৰু ২২ কেৰেটৰ সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৩৮,৯৯০ টকা ।

দেশৰ আন ৰাজ্যৰ দৰে আজি কৰ্ণাটক, তেলেংগানা আৰু ওড়িশাৰ অলংকাৰ বজাৰতো সোণৰ মূল্য দুৰ্বল হোৱা দেখা গৈছে। এই তিনিখন ৰাজ্যৰ ৰাজধানী বেংগালুৰু, হায়দৰাবাদ আৰু ভুৱনেশ্বৰত প্ৰতি ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ মূল্য ১,৫১,৪৭০ টকা। একেদৰে এই তিনিখন চহৰৰ অলংকাৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰাম ১,৩৮,৮৪০ টকাকৈ বিক্ৰী হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande