হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে বোকাখাতৰ বেষ্ট একাডেমীত আৱতৰীয়া দীপাৱলী
গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। বোকাখাতৰ বেষ্ট একাডেমীত আৱতৰীয়া দীপাৱলী । আজি ঘোষণা হ''ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । বোকাখাত নাহৰজান তিনিআলিৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৱেষ্ট একাডেমী ৰ ছাত্ৰ সিমান্ত নাথে গণিত আৰু ঐচ্চিক গণিতত ১০০% নম্বৰ লাভ কৰি
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে বোকাখাতৰ বেষ্ট একাডেমীত আৱতৰীয়া দীপাৱলী


গোলাঘাট, ১০ এপ্ৰিল (হি.স.)। বোকাখাতৰ বেষ্ট একাডেমীত আৱতৰীয়া দীপাৱলী । আজি ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । বোকাখাত নাহৰজান তিনিআলিৰ ব্যক্তিগত শিক্ষানুষ্ঠান ৱেষ্ট একাডেমী ৰ ছাত্ৰ সিমান্ত নাথে গণিত আৰু ঐচ্চিক গণিতত ১০০% নম্বৰ লাভ কৰি মুঠ ৯৬.৮৩ শতাংশ নম্বৰ পাই বিদ্যালয়ৰ লগতে বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিব সক্ষম হৈছে ।

বোকাখাতৰ ভিতৰতে অধিক নম্বৰ পাই উত্তীৰ্ণ হৈছে সিমান্তই ৷ ফলাফল ঘোষণা কৰাৰ লগে লগে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয় চৌহদত । ফলাফলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকল আনন্দত উত্তাৱল হৈ পৰা পৰিলক্ষিত হয় ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande