
বজালী, ১০ এপ্ৰিল (হি.স.)। বজালী জিলা অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয়ৰ মহাুনুভবতা। বজালীৰ মৰকা চকত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান লাভ কৰা দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা জ্যোতিৰ্ময় দাসৰ অধ্যয়নৰ সমগ্ৰ খৰছ বহন কৰাৰ দায়িত্ব ললে অসম গণ পৰিষদৰ সাধাৰাণ সম্পাদক মিত্ৰজোটৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰয় l অতি দুখীয়া ঘৰৰ মেধাবী ছাত্ৰ গৰাকীৰ উচ্চ শিক্ষাৰ সমগ্ৰ অধ্যনৰ দায়িত্ব লোৱাত যথেষ্ট উৎসাহিত হয় মৰ্কা গাওবাসীৰ লগতে অভিভাবক শতীশ চন্দ্ৰ দাসৰ পৰিয়ালবৰ্গই |
উল্লেখযোগ্য যে পাটাছাৰকুছি শংকৰদেৱ শিশু নিকেতন ৰ ছাত্ৰ আছিল জ্যোতিৰ্ময় দাস l পিতৃ পাঠশালাৰ এখন ব্যক্তিগত নাৰ্চিং হোমত কৰ্মৰত l
অতি সাধাৰণ পৰিয়ালৰ ছাত্ৰ গৰাকীৰ এনে সফলতাই আনন্দিত কৰি তুলিছে সমগ্ৰ গাঁওবাসীক l শতীশ দাস আৰু মাতৃ ববিতা দাস যথেষ্ট উল্লাষিত আৰু ধৰ্মেশ্বৰ ৰয়ক কৃতজ্ঞতা জ্ঞাপন কৰে |
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা