
গুৱাহাটী, ১০ এপ্ৰিল (হি.স.)। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হয়। প্ৰথম বাৰলৈ অসম ৰাজ্যিক বিদ্যালয় শিক্ষা ব’ৰ্ডৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (এইচ এছ এল চি) ২০২৬ল পৰীক্ষাৰ ফলাফল অনুসৰি উত্তীৰ্ণৰ হাৰ হৈছে ৬৫.৬২%। পৰীক্ষাত অৱতীৰ্ণ হোৱা ৪,২৯,২৪৯ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ২,৮১,৭০১ গৰাকীয়ে সফলতাৰে উত্তীৰ্ণ হয়।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল । এইবাৰ মুঠ ৪৩৮,৫৬৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আবেদন কৰিছিল, ইয়াৰে ৯,৩১৫ গৰাকী অনুপস্থিত আৰু ১৩৫ গৰাকীক পৰীক্ষা প্ৰক্ৰিয়াৰ সময়ত বহিষ্কাৰ কৰা হৈছিল। পাঁচজন শিক্ষাৰ্থীৰ ফলাফল স্থগিত ৰখা হৈছে।
পৰীক্ষাত অৱতীৰ্ণ হোৱাসকলৰ ভিতৰত ১,৮৬,৪৬৮জন ল’ৰা আৰু ২,৪২,৭৮১জন ছোৱালী আছিল। প্ৰদৰ্শনৰ ক্ষেত্ৰত ল’ৰাৰ উত্তীৰ্ণৰ শতকৰা হাৰ ৬৭.৭৮, আনহাতে ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৬৩.৯৬।
বিভাগভিত্তিক তথ্য অনুসৰি ৮৫,১৮৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ লাভ কৰে, ইয়াৰে ৩,৯৮৩ গৰাকীয়ে ডিষ্টিংচন আৰু ১৩,৬৮১ গৰাকীয়ে ষ্টাৰ নম্বৰ লাভ কৰে। দ্বিতীয় বিভাগত মুঠ ১৫০,১৬৭ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ৪৬,৩৪৫ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়। মুঠ ৯৯,০৬২ গৰাকী পৰীক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত লেটাৰ নম্বৰ লাভ কৰে।
জিলা ভিত্তিত ডিমা হাছাও উত্তীৰ্ণৰ হাৰ ৮৮.২৩, শিৱসাগৰ ৮৪.০৮ শতাংশ আৰু ডিব্ৰুগড় ৭৮.৪৬ শতাংশৰে উত্তীৰ্ণ হাৰত সৰ্বোত্তম প্ৰদৰ্শন কৰা জিলা হিচাপে আত্মপ্ৰকাশ কৰে। কাছাৰ জিলাত উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন ৪৯.১৩ শতাংশ।
শিতানভিত্তিক তথ্য অনুসৰি এছ টি (পি) পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰ সৰ্বাধিক ৭৩.৬৫ শতাংশ, তাৰ পিছতে আছে অ’বিচি (৭১.৬৫ শতাংশ) আৰু এমঅ’বিচি (৭০.৯৪ শতাংশ)। চাহ জনজাতি প্ৰাৰ্থীৰ উত্তীৰ্ণৰ হাৰ সৰ্বনিম্ন ৫০.৫১ শতাংশ।
এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বজালী জিলাৰ পাটাছাৰকুছিৰ শংকৰদেৱ শিশু নিকেতনৰ জ্যোতিৰ্ময় দাসে মেধা তালিকাত প্ৰথম স্থান দখল কৰে। বিশ্বনাথ জিলাৰ অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞা, ডিব্ৰুগড় জিলাৰ লিটিল ফ্লাৱাৰ এইচ এছ স্কুলৰ জিয়া ফাৰাহ ইছলাম আৰু নলবাৰীৰ লিটিল ফ্লাৱাৰ্ছ স্কুলৰ সুৰজিৎ আখতাৰে শীৰ্ষ চাৰিটা স্হান লাভ কৰে।
এই ফলাফলৰ ঘোষণা সমগ্ৰ অসমৰ লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে এক উল্লেখযোগ্য শৈক্ষিক কৃতিত্বৰ চিন স্বৰূপ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া