বিজেপি মিত্ৰজোঁটে অসমত ৯০ খনতকৈও অধিক আসন লাভ কৰিবঃ মুখ্যমন্ত্ৰী শৰ্মা
গুৱাহাটী, ১০ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আস্থা প্রকাশ কৰে যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৰাজ্য বিধানসভাৰ নির্বাচনত ৯০খনতকৈও অধিক আসন লাভ কৰিব৷ তেওঁ কয় যে সমগ্ৰ ৰাজ্যৰ ভোটাৰে এইবাৰ অভূতপূৰ্ব উৎসাহেৰে ভোটদান কৰিছে। যো
Assam CM Dr Himanta Biswa Sarma


গুৱাহাটী, ১০ এপ্ৰিল (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আস্থা প্রকাশ কৰে যে বিজেপি নেতৃত্বাধীন মিত্রজোঁটে ৰাজ্য বিধানসভাৰ নির্বাচনত ৯০খনতকৈও অধিক আসন লাভ কৰিব৷ তেওঁ কয় যে সমগ্ৰ ৰাজ্যৰ ভোটাৰে এইবাৰ অভূতপূৰ্ব উৎসাহেৰে ভোটদান কৰিছে।

যোৱা নিশা বিজেপিৰ মুখ্য কার্যালয়ত সংবাদ মাধ্যমৰ আগত মন্তব্য দি মুখ্যমন্ত্রী শৰ্মাই কয় যে হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চল আৰু সংখ্যালঘু অধ্যুষিত অঞ্চল দুয়োটাতে ৰাইজে বৃহৎ সংখ্যক ভোটদান কৰিছিল৷ তেওঁ দাবী কৰে যে এইবাৰ অসমীয়া পৰিচয় ৰক্ষাৰ বিষয়টোক লৈ ৰাইজে নিৰ্ণায়ক ভোটদান কৰিছে।

এই নিৰ্বাচনত গৌৰৱ গগৈয়ে কঠোৰ যুঁজৰ সন্মুখীন হ’ব বুলি কংগ্ৰেছৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় মুখ্যমন্ত্ৰীয়ে। তেওঁ গগৈৰ ৰাজনৈতিক দায়বদ্ধতাক লৈ প্ৰশ্ন উত্থাপন কৰি ব্যক্তিগত আৰু ৰাজহুৱা স্থিতিৰ সমালোচনা কৰে।

তেওঁ কংগ্ৰেছ নেতা পৱন খেৰাকো লক্ষ্য কৰি কয় যে গুৱাহাটীত উপস্থিত থকা বুলি দাবী কৰিও তেওঁ পুৱাতে ৰাজ্য এৰি গুচি যায়। শৰ্মাই কংগ্ৰেছ দলটোক “কাপুৰুষৰ দল” বুলি অভিহিত কৰি কয় যে তেওঁলোকৰ আচৰণে দুৰ্বলতাৰ প্ৰতিফলন ঘটায়।

নিৰ্বাচনী প্ৰচাৰৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁ ৩০০ৰো অধিক ৰাজহুৱা সভাত ভাষণ দিছিল। লগতে কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া আৰু ৰিপুন বৰাই নিজৰ সমষ্টিৰ বাহিৰত ব্যাপক প্ৰচাৰ কিয় নকৰিলে বুলিও প্ৰশ্ন কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande