টিহুৰ হালধিবাৰীত এগৰাকী মহিলাৰ আত্মহত্যা
টিহুৰ হালধিবাৰীত এগৰাকী মহিলাৰ আত্মহত্যা ।
টিহুৰ হালধিবাৰীত এগৰাকী মহিলাৰ আত্মহত্যা


নলবাৰী, ১০ এপ্ৰিল (হি.স.): নলবাৰী জিলাৰ টিহুৰ হালধিবাৰীত যোৱা কালি বৃহস্পতিবাৰে নিশা এগৰাকী মহিলাই আত্মহত্যা কৰে । আত্মহত্যা কৰা মহিলা গৰাকীৰ নাম তুলসী দাস বুলি জানিব পৰা গৈছে।

মহিলাগৰাকীয়ে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি নিজ বাসগৃহত আত্মহত্যাৰ পথ বাচি লয় । পেচাত মহিলা গৰাকীয়ে টিহু জলসিঞ্চন কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ত এখন ক্ষুদ্ৰ চাহৰ বিপনীৰ লগত জড়িত আছিল । দুই সন্তানৰ মাতৃ গৰাকীয়ে কিয় আত্মহত্যাৰ পথ বাচি ল'লে সেই ৰহস্য পোহৰলৈ অহা নাই। আত্মহত্যা কৰা মহিলাগৰাকীৰ বয়স আনুমানিক ৩৮ বছৰ হ'ব বুলি কোৱা হৈছে।আত্মহত্যাৰ ৰহস্য এতিয়াও পোহৰলৈ অহা নাই। ঘটনাস্থলীত টিহু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande