
মৰিগাঁও, ১০ এপ্ৰিল (হি.স.)। মৰিগাঁও জিলাৰ মায়ঙৰ ইক্ৰা একচেলেঞ্চ একাডেমীৰ এগৰাকী ছাত্ৰীয়ে আজি ঘোষিত মেট্ৰিক পৰীক্ষাৰ ফলাফলত অসমীয়া বিভাগত ১০০ ৰ ভিতৰত ১০০ নম্বৰ লাভ কৰিব সক্ষম হৈছে। ছাত্ৰী গৰাকীৰ নাম জেচিয়া ৰিকজা খানম। বুৰাবুৰী হাইস্কুল শিক্ষান্ত পৰীক্ষা কেন্দ্ৰৰ পৰা উত্তীৰ্ণ হৈছে।
ডিষ্টিংছন পোৱা ছাত্ৰী গৰাকী এগৰাকী মিঞা ছোৱালী। এই সাফল্যৰ বাবে বিদ্যালয়ৰ সকলো উৎফুল্লিত হৈ পৰিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা