তামুলপুৰত চৰকাৰী আচনিৰ জয়গান গাই বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ
তামুলপুৰ, ০১ এপ্ৰিল (হি.স.)। তামুলপুৰত চৰকাৰী আচনিৰ জয়গান গাই নিৰ্বাচনী প্ৰচাৰ তামুলপুৰ বিধানসভা পৰিষদৰ এন ডি এ সমৰ্থিত, বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ । ৰাজ্য খনৰ চৌ দিশে বলিছে নিৰ্বাচনী বতাহ ,ইয়াৰ সমান্তৰাল কৈ ৪৩ নং তামুলপুৰ বিধান সভা সমষ্টিত
তামুলপুৰত চৰকাৰী আচনিৰ জয়গান গাই বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ নিৰ্বাচনী প্ৰচাৰ


তামুলপুৰ, ০১ এপ্ৰিল (হি.স.)। তামুলপুৰত চৰকাৰী আচনিৰ জয়গান গাই নিৰ্বাচনী প্ৰচাৰ তামুলপুৰ বিধানসভা পৰিষদৰ এন ডি এ সমৰ্থিত, বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ । ৰাজ্য খনৰ চৌ দিশে বলিছে নিৰ্বাচনী বতাহ ,ইয়াৰ সমান্তৰাল কৈ ৪৩ নং তামুলপুৰ বিধান সভা সমষ্টিত এন ডি এ সমৰ্থিত বিজেপিৰ প্ৰাৰ্থি বিশ্বজিৎ দৈমাৰীও দিনে নিশাই চলাইছে নিৰ্বাচনী প্ৰচাৰ । আজি মঙলবাৰে নিশালৈ ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ কেইবা খনো সভাত অংশগ্ৰহণ কৰি ভোটাৰ ৰাইজক আকৰ্ষন কৰাৰ চেষ্টা চলাইছে বিশ্বজিৎ দৈমাৰীয়ে একমাত্ৰ চৰকাৰী আচনিৰে ।

বাগানপাৰা পৰিষদীয় সমষ্টিৰ বগুলামাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাত এন ডিএৰ প্ৰাৰ্থী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে মুখ্যমন্ত্ৰীয়ে ঘোষনা কৰা কেইবাটাও আচনিৰ কথা কৈ নিৰ্বাচনী প্ৰচাৰ কৰে । মহিলা সকলে উদ্যমিতা আচনিৰ দহ হাজাৰ ,অৰুণোদয়ৰ ন হাজাৰ পাবলৈ সক্ষম হৈছে একমাত্ৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে । সেয়েহে পুনৰ এন ডি য়ে চৰকাৰ গঠন কৰিলে ভোটাৰ ৰাইজে ন ন আচনি পাবলৈ সক্ষম হব বুলি মন্তব্য কৰে ।

ইপিনে সাংবাদিকে সোধা প্ৰশ্নোত্তৰত দৈমাৰীয়ে কয় ৰাইজক আচনি লাগে গতিকে আচনিৰ কথা কমেই । ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বডোয়ে নিৰ্বাচনী সভাত বিশ্বজিৎ দৈমাৰীয়ে অকল আচনিৰ কথাহে কয় বুলি কোৱা সন্দৰ্ভত এনডিএৰ প্ৰাৰ্থী দৈমাৰীয়ে কয় সাধাৰণ ৰাইজক আচনিহে লাগে আমি এমএল এ হবলৈ নিৰ্বাচন খেলিছো। কিন্তু ৰাইজেটো নিৰ্বাচন খেলা নাই বা তেওলোকেটো মন্ত্ৰী এমএল য়ে নহয় গতিকে সাধাৰণ ৰাইজক আচনিৰ কথা কবই লাগিব বুলি কৌশল পুৰ্ণ মন্তব্য কৰে আৰু ৪৩ নং তামুলপুৰ সমষ্টিত এনডিএৰ প্ৰাৰ্থী জয় নিশ্বিত বুলি কোৱাৰ লগতে অসমত পুনৰ এনডিএৰ চৰকাৰ হব আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হব বুলি দাবী কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande