
নগাও, ০১ এপ্ৰিল (হি.স.)। মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন ৰহা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উৎপল বনিয়াৰ । সমাগত ২৬ৰ বিধানসভা নিৰ্বাচন । কি শাসক কি বিৰোধী সকলো এতিয়া ব্যস্ত নিৰ্বাচনী প্ৰচাৰত । সকলো এতিয়া তৎপৰ হৈ পৰিছে নিজ নিজ প্ৰচাৰত । নিশা এপৰলৈকে নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা দেখা গ'ল ৰহা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী উৎপল বনিয়াক ।
নিশাও সমষ্টিৰ ভোটাৰৰ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰত কৰা দেখা গ'ল কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীক । আনহাতে শশী মডেলক তীব্ৰ ভাষাৰে সমালোচনা প্ৰাৰ্থী গৰাকীৰ । উল্লেখ্য যে মূখ্যমন্ত্ৰী ডাঙৰীয়াই বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰহা মহাবিদ্যালয়ত বিজ্ঞান শাখা দিম বুলি ঘোষণা কৰাৰ পিছতো ফুটুকাৰ ফেনলৈ পৰিণত হোৱাৰ স্বত্বেও পুনৰ মঙ্গলবাৰে প্ৰতিশ্ৰুতি দিয়াত ধন্যবাদ জ্ঞাপন ৰহা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ । ৰহাৰ পৰা এইমছ কাঢ়ি নি মূখ্যমন্ত্ৰীয়ে নিজ সমষ্টিত স্থাপন কৰি ৰহাবাসীক টোল গেট উপহাৰ দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন মূখ্যমন্ত্ৰী গৰাকীক ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা