
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। দিল্লীৰ চিভিক চেণ্টাৰত মেয়ৰৰ কাৰ্যালয়ৰ বিৰুদ্ধে বোমা বিস্ফোৰণৰ ভাবুকি পোৱাৰ পিছতে নিৰাপত্তা সংস্থাই তৎক্ষণাত কাৰ্যত লিপ্ত হয়। দিল্লী আৰক্ষীৰ বিশেষ দল, বোমা নিষ্কাশন দল, আৰু স্থানীয় আৰক্ষী বিষয়া উপস্থিত হৈ সমগ্ৰ চিভিক চেণ্টাৰ কমপ্লেক্সত পুংখানুপুংখ তালাচী চলায়। এতিয়ালৈকে কোনো সন্দেহজনক বস্তু বা ব্যক্তি উদ্ধাৰ হোৱা নাই। চাৰিওফালৰ অঞ্চলত নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে।
আৰক্ষীৰ তথ্য অনুসৰি বুধবাৰে দিল্লীৰ মেয়ৰ ৰাজা ইকবাল সিঙৰ কাৰ্যালয়ত ইমেইলযোগে বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰে। ইয়াত উল্লেখ কৰা হৈছিল যে কাৰ্যালয়টো প্ৰায় ২:১১ বজাত উৰুৱাই দিয়া হ’ব। অভিযোগ অনুসৰি এই ইমেইলটো খালিস্তান ৰাষ্ট্ৰীয় সেনা নামৰ এটা গোটৰ নামত প্ৰেৰণ কৰা হৈছে। লগে লগে নিৰাপত্তা সংস্থাক সতৰ্ক কৰি দিয়া হয়।
আৰক্ষীয়ে জনোৱা মতে, মেয়ৰৰ কাৰ্যালয়ৰ চাৰিওফালে নিৰাপত্তা অধিক শক্তিশালী কৰা হৈছে আৰু ইয়াৰ সম্পূৰ্ণ তদন্ত চলি আছে। এতিয়ালৈকে কোনো সন্দেহজনক বস্তু বা ব্যক্তি নিশ্চিত হোৱা নাই যদিও সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰতিটো দিশৰ তদন্ত চলি আছে। ডগ স্কোয়াড আৰু অন্যান্য নিৰাপত্তা সংস্থাও ঘটনাস্থলীত মোতায়েন কৰি চৌহদত পুংখানুপুংখভাৱে তালাচী চলাই আছে।
ইফালে দিল্লীৰ পৌৰ নিগমৰ বিৰোধী দলপতি অংকুশ নৰঙে এই ভাবুকিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে। তেওঁ কয় যে ৰাজ্যত চাৰি ইঞ্জিনযুক্ত চৰকাৰ থকাৰ পাছতো মহানগৰীৰ প্ৰথম নাগৰিকসকলো সুৰক্ষিত নহয়। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত নৰঙে উল্লেখ কৰে যে চাৰি ইঞ্জিনযুক্ত চৰকাৰৰ অধীনত দিল্লীৰ নিৰাপত্তা ব্যৱস্থা বিকল হৈছে, আনকি দিল্লীৰ মেয়ৰকো নিৰাপদ নহয়।
উল্লেখযোগ্য যে শেহতীয়াকৈ দিল্লী বিধানসভাই বোমা বিস্ফোৰণৰ ভাবুকি লাভ কৰিছিল। এই ভাবুকিপূৰ্ণ ইমেইল আহিছিল বিধানসভাৰ বাজেট অধিৱেশনৰ তৃতীয় দিনটোত। ভাবুকিপূৰ্ণ ইমেইলটো পোৱাৰ লগে লগে দিল্লী আৰক্ষী আৰু ডগ স্কোয়াডে বিধানসভাৰ চৌহদত পুংখানুপুংখ তালাচী চলায় যদিও সন্দেহজনক একো পোৱা নগ’ল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া