
দৰং, ০১ এপ্ৰিল (হি.স.)। ৰৌতাৰ আমিনপাৰাত নিশা ৪৭ নং মাজবাট বিধানসভা সমষ্টিৰ বিপিএফ ৰ প্রার্থী চৰণ বড়োৰ বৃহৎ নির্বাচনী প্রচাৰ। ৰৌতাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল আমিনপাৰাত নিশা নির্বাচনী প্রচাৰ সভাত অংশগ্ৰহণ চৰণ বড়োৰ। প্রায় সহস্রাধিক ৰাইজৰ উপস্থিতিত আমিনপাৰাত নির্বাচনী প্রচাৰ নেতা গৰাকীৰ। অনুষ্ঠানৰ মাজতেই বহু সংখ্যালঘু লোকে যোগদান কৰে বিপিএফ দলত।
অনুষ্ঠানত প্রাৰ্থী চৰণ বড়োক সংগ দিয়ে বিটিচি ৰ কার্যবাহী সদস্য ফ্ৰেছ মুছাহাৰীয়ে। চৰণ বড়োই কয় যে, আমিনপাৰাৰ ৰাইজে মাথো ৯ এপ্ৰিললৈ অপেক্ষা কৰিছে। অঞ্চলটোৰ ৯০ শতাংশ ভোট এইবাৰ বিপিএফ ৰ পক্ষত যাব বুলি আশাবাদী নেতাগৰাকী। অনাগত ৫ বছৰত তৃতীয়বাৰৰ বাবে বিধায়ক হৈ সংখ্যালঘুৰ বাকী থকা সকলো সমস্যা সমাধানৰ প্রতিশ্রুতি চৰণ বড়োৰ।
আনহাতে, এনডিএ ৰ সৈতে বিপিএফ থকাৰ বাবে চৰণ বড়োক ভোট দিব নালাগে বুলি কংগ্ৰেছ , ইউপিপিএল এ কৰা প্রচাৰত চৰণ বড়োই কয় যে, উন্নয়নৰ স্বার্থত হাগ্রামা মহিলাৰী এনডিএ ৰ সৈতে আছে। হাগ্রামা মহিলাৰী থকালৈকে বিটিচি ৰ ৰাইজৰ ভয়ৰ কাৰণ নাই বুলি মন্তব্য নেতা গৰাকীৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা