“অসমীয়া বিজেপি বাৰ্তাৰ নতুন সংস্কৰণ মুকলি
গুৱাহাটী, ০১ এপ্ৰিল (হি.স.)। ৰাজ্যৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বুধবাৰে অসম প্ৰদেশ বিজেপিৰ চৰকাৰী মুখপাত্ৰ অসমীয়া বিজেপি বাৰ্তাৰ চতুৰ্থ সংস্কৰণ মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম বিত্তীয় নিগমৰ অধ্যক্ষ তথা বিজেপি মিডিয়
BJP Assam’s official mouthpiece “Asomiya BJP Barta” is being unveiled at the party’s state headquarters Atal Bihari Vajpayee Bhawan by BJP Media Convener Rupam Goswami on Wednesday.


গুৱাহাটী, ০১ এপ্ৰিল (হি.স.)। ৰাজ্যৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত বুধবাৰে অসম প্ৰদেশ বিজেপিৰ চৰকাৰী মুখপাত্ৰ অসমীয়া বিজেপি বাৰ্তাৰ চতুৰ্থ সংস্কৰণ মুকলি কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসম বিত্তীয় নিগমৰ অধ্যক্ষ তথা বিজেপি মিডিয়া বিভাগৰ সমন্বয়ক ৰূপম গোস্বামীয়ে মুখপাত্ৰ খন উন্মোচন কৰে।

এই উপলক্ষে সুশান্ত বিশ্বাস, দিলীপ দাস, অশোক ভৰালী, দলৰ মুখপাত্ৰ মমিনুল আৱালকে ধৰি কেইবাজনো দলীয় বিষয়া উপস্থিত থাকে। এই প্ৰকাশনত ৰাজ্যৰ ৰাজনীতি, চৰকাৰী কৃতিত্ব, আৰু আগন্তুক বিধানসভা নিৰ্বাচনৰ সৈতে জড়িত বিষয়সমূহৰ ওপৰত প্ৰবন্ধ সন্নিবিষ্ট কৰা হৈছে।

কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ সাফল্যৰ ওপৰত আলোকপাত কৰি অৰ্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিভিন্ন কল্যাণমূলক আঁচনিৰ কথা উল্লেখ কৰে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে উন্নয়ন আৰু জনকল্যাণৰ প্ৰতি দায়বদ্ধতা পুনৰ প্ৰকাশ কৰে দলটোৱে।

हिन्दुस्थान समाचार / অৰৱিন্দ

 rajesh pande