
নতুন দিল্লী, ০১ এপ্ৰিল (হি.স.)। চৰকাৰী তেল বিপণন কোম্পানীসমূহে (অ’এমচি) ২০২৬-২৭ চনৰ নতুন বিত্তীয় বৰ্ষৰ প্ৰথম দিনাই এটিএফ (এভিয়েশন টাৰ্বাইন ইন্ধন) বা জেট ইন্ধনৰ মূল্য নাটকীয়ভাৱে বৃদ্ধি কৰিছে। এই বৃদ্ধিয়ে জেট ইন্ধনৰ মূল্য প্ৰথমবাৰৰ বাবে প্ৰতি কিলোলিটাৰত ২ লাখ ₹ৰ সীমা অতিক্ৰম কৰিছে। পশ্চিম এছিয়াত চলি থকা সংকটৰ বাবে দেশত প্ৰথমবাৰৰ বাবে জেট ইন্ধনৰ মূল্য দুগুণতকৈও অধিক বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে এইবাৰ একেৰাহে দ্বিতীয় মাহ যে চৰকাৰী তেল বিপণন কোম্পানীসমূহে জেট ইন্ধনৰ মূল্য বৃদ্ধি কৰিছে। আজিৰ মূল্যবৃদ্ধিৰ ফলত অসামৰিক বিমান পৰিবহণ খণ্ডকে ধৰি সকলো বিমান সংস্থাৰ পৰিচালনা ব্যয় যথেষ্ট বৃদ্ধি পাব বুলি আশা কৰা হৈছে। এনে পৰিস্থিতিত এতিয়া বিমান যাত্ৰা আৰু অধিক ব্যয়বহুল হোৱাৰ সম্ভাৱনা আছে।
এই সন্দৰ্ভত প্ৰদান কৰা তথ্য অনুসৰি দিল্লীত জেট ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ১,১০,৭০৩.০৮ ₹ অৰ্থাৎ ১১৪.৫ শতাংশ বৃদ্ধি কৰা হৈছে। এই বৃদ্ধিৰ পিছত দিল্লীত জেট ইন্ধনৰ মূল্য প্ৰতি কিলোলিটাৰত ২,০৭,৩৪১.২২ ₹ হৈছেগৈ। ইয়াৰ পূৰ্বে যোৱা মাহৰ ১ মাৰ্চত এটিএফৰ মূল্য প্ৰতি কিলোলিটাৰত ৫,২৪৪.৭৫ ₹ অৰ্থাৎ ৫.৭০ শতাংশ বৃদ্ধি কৰা হৈছিল।
আজিৰ তেল বিপণন কোম্পানীসমূহে বৃদ্ধি পোৱাৰ পাছত জেট ইন্ধনৰ (ATF) মূল্যই প্রথমবাৰৰ বাবে প্রতি কিলোলিটাৰত ২ লাখ ₹ৰ সীমা অতিক্রম কৰিছে৷ ইয়াৰ পূৰ্বে ২০২২ চনত এ টি এফৰ মূল্য সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হৈছিল।সেই সময়ত যেতিয়া ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছত তেলৰ মূল্য বৃদ্ধি পাইছিল, তেতিয়া জেট ইন্ধনৰ মূল্য জপিয়াই প্ৰতি কিলোলিটাৰত ১.১০ লাখ ₹ হৈছিল। কিন্তু পিছত মূল্য হ্ৰাস পোৱাৰ ফলত মূল্য ১ লাখ ₹ৰ তললৈ নামি আহিল।
আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই সমগ্ৰ বিশ্বতে শক্তি সংকটৰ সৃষ্টি কৰিছে। এই যুদ্ধই খাৰুৱা তেল পৰিবহণৰ বাবে এক গুৰুত্বপূৰ্ণ সাগৰীয় পথ হৰমুজ জলদ্বীপ কাৰ্যতঃ বন্ধ কৰি দিছে। ফলস্বৰূপে এই পথেৰে বহু দেশলৈ গেছ আৰু খাৰুৱা তেলৰ যোগান বন্ধ হৈ পৰিছে। তদুপৰি এই যুদ্ধ আৰু হৰমুজ জলদ্বীপৰ অৱৰোধৰ ফলত খাৰুৱা তেলৰ মূল্য আকাশলংঘী হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া