
কোকৰাঝাৰ, ০৯ মাৰ্চ (হি.স.)। কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতালত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ কেইবাকোটি টকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন এশ খন বিছনাযুক্ত ল’ৰা আৰু ছোৱালীৰ সুকীয়া সুকীয়া নিৱাস এশখন বিছনাযুক্ত আৱাসিক নিৱাস আৰু এশখন বিছনাযুক্ত নাৰ্ছৰ আৱাসিক নিৱাসত।
হাউলীৰ বড়োলেণ্ড অতিথিশালাত আজি অনুষ্ঠিত হব বিপিএফ দলৰ পিএমবিৰ এখন গুৰুত্বপূৰ্ণ ৰাজনৈতিক বৈঠক। বৈঠকত আলোচনা কৰা হব সমাগত অসম বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰদানৰ বিষয়ৰ ওপৰত।
কোকৰাঝাৰৰ বেছৰগাঁৱস্থিত কোকৰাঝাৰ মেডিকেল কলেজ আৰু হস্পিতাল চৌহদত সোমবাৰে এক মাংগলিক কাৰ্যসূচী আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ মাজেৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ৬.৬৬ কোটি টকীয়া এশখন বিছনাযুক্ত ছোৱালী নিৱাস,৬.৬৬ কোটি টকীয়া এশখন বিছনাযুক্ত ছাত্ৰ নিৱাস,৯.৯১ কোটি টকীয়া এশখন বিছনাযুক্ত আৱাসিক নিৱাস আৰুএশ খন বিছনাযুক্ত ৬.৬৬ কোটি টকীয়া নাৰ্ছৰ আৱাসিক নিৱাসৰ আধাৰশিলা স্থাপন কৰে৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা