

চিৰাং, ০৯ মাৰ্চ (হি.স.): আন্তর্জাতিক নাৰী দিৱস উপলক্ষে “গিভ টু গেইন” শীৰ্ষক থিমক সন্মান জনাই ৱাইপছ বিজিআৰ (ফৰাম ফৰ ৱমেন ইন পাব্লিক চেক্টৰ বঙাইগাও ৰিফেইনেৰী) ৰ উদ্যোগত চিৰাং জিলাৰ থংকুৰবাৰী গাঁৱত সোমবাৰে এক বিশেষ বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰটো বঙাইগাঁও ৰিফাইনেৰী হাস্পতাল আৰু চিৰাং জিলা স্বাস্থ্য কৰ্তৃপক্ষৰ সহযোগিতাত সফলভাৱে আয়োজন কৰা হয়।
বঙাইগাঁও ৰিফাইনেৰীৰ ৱাইপছৰ উদ্যোগৰ অন্তৰ্গত এই স্বাস্থ্য শিবিৰটোৱে বিশেষকৈ স্থানীয় মহিলা আৰু শিশুসকলৰ স্বাস্থ্যজনিত প্রয়োজন পূৰণৰ লক্ষ্য লৈ আয়োজন কৰা হৈছিল। অনুষ্ঠানটো ৰিফাইনেৰীৰ জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত উদ্বোধন কৰা হয় আৰু সমাজসেৱাত নিয়োজিত এক বিশেষজ্ঞ চিকিৎসা দলে স্বাস্থ্য পৰীক্ষা আৰু চিকিৎসা সেৱা আগবঢ়ায়। অনুষ্ঠানত জি এম ৰূপা টাইকমে আন্তর্জাতিক নাৰী দিৱসৰ তাৎপৰ্য্য সম্পৰ্কে এক প্ৰেৰণাদায়ক বক্তব্য প্ৰদান কৰি মহিলা সমতা আৰু নিকটৱৰ্তী অঞ্চলৰ নাৰীসকলৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত ৰিফাইনেৰীৰ অঙ্গীকাৰ পুনৰ দৃঢ় কৰে।
ইয়াৰ লগতে ডাঃ ৰূপম তালুকদাৰে এনিমিয়া সম্পৰ্কে এক সজাগতা সভা অনুষ্ঠিত কৰি এই ৰোগৰ প্ৰতিৰোধ আৰু পুষ্টিসমৃদ্ধ খাদ্য গ্ৰহণৰ গুৰুত্বৰ বিষয়ে উপস্থিত লোকসকলক অৱগত কৰে। দিনজোৰা চলা এই স্বাস্থ্য শিবিৰত শতাধিক মহিলা আৰু শিশুৱে ৰক্তস্বল্পতা পৰীক্ষা, স্বাস্থ্য পৰীক্ষা আৰু বিনামূলীয়া ঔষধ লাভ কৰে। স্থানীয় সমাজৰ দুৱাৰমুখলৈ প্ৰয়োজনীয় স্বাস্থ্য সেৱা আগবঢ়াই বঙাইগাঁও ৰিফাইনেৰীয়ে নিজৰ মূল মূল্যবোধ ‘কেয়াৰ’ ৰ প্ৰতি দায়বদ্ধতা পুনৰ প্ৰমাণ কৰে আৰু এক সুস্থ সমাজ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ