
কলকাতা, ০৯ মাৰ্চ (হি.স.)। শেহতীয়াকৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ উত্তৰ বংগ ভ্ৰমণৰ সময়ত প্ৰট’কল উলংঘাৰ অভিযোগ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বিচৰা স্পষ্টীকৰণ প্ৰতিবেদনৰ প্ৰতি সঁহাৰি জনাইছে পশ্চিমবংগ চৰকাৰে। ইয়াৰ উত্তৰত ৰাজ্য চৰকাৰে কোনো ধৰণৰ ত্ৰুটি অস্বীকাৰ কৰি স্থানীয় কৰ্তৃপক্ষই প্ৰতিষ্ঠিত পদ্ধতি অনুসৰণ কৰা বুলি উল্লেখ কৰে।
সূত্ৰ অনুসৰি গৃহ মন্ত্ৰালয়ে দেওবাৰে পুৱা ৰাজ্যিক মুখ্য সচিব নন্দিনী চক্ৰৱৰ্তীৰ কাৰ্যালয়ৰ পৰা প্ৰতিবেদন বিচাৰিছিল আৰু সেইদিনা সন্ধিয়া ৫ বজাৰ সময়সীমা নিৰ্ধাৰণ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ৰাজ্যিক সচিবালয়ৰ এজন বিষয়াই নিশ্চিত কৰে যে মন্ত্ৰালয়লৈ বিশদ প্ৰতিবেদন প্ৰেৰণ কৰা হৈছে যদিও তেওঁলোকে সবিশেষ প্ৰকাশ কৰা নাই। বিষয়াগৰাকীৰ মতে, মন্ত্ৰালয়ে উত্থাপন কৰা প্ৰট’কল সম্পৰ্কীয় সকলো বিষয়ৰ ওপৰত পদক্ষেপ অনুসৰি স্পষ্টীকৰণ প্ৰদান কৰা হয়।
ইয়াৰ পূৰ্বে দেওবাৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বাগডোগ্ৰা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে ৰাষ্ট্ৰপতিগৰাকীক প্ৰট’কল অনুসৰি আদৰণি জনোৱা হয়। মুখ্যমন্ত্রীৰ মতে, শিলিগুৰি পৌৰ নিগমৰ মেয়ৰ গৌতম দেৱ, দাৰ্জিলিং জিলা দণ্ডাধীশ আৰু শিলিগুৰি মহানগৰ আৰক্ষী আয়ুক্ত উপস্থিত থাকে। মুখ্যমন্ত্ৰী হিচাপে তেওঁক আদৰণি জনোৱা বা অনুষ্ঠানৰ মঞ্চত উপস্থিত থকাৰ কোনো পূৰ্ব পৰিকল্পনা নাছিল, গতিকে প্ৰট’কল উলংঘাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই বুলিও তেওঁ কয় ।
প্ৰথমে শুকুৰবাৰে বিয়লি ৰাষ্ট্ৰপতি মুৰ্মু উত্তৰ বংগত উপস্থিত হোৱাৰ কথা আছিল যদিও অনিবাৰ্য পৰিস্থিতিৰ বাবে এই অনুষ্ঠান স্থগিত ৰখা হয়। ইয়াৰ পিছতে শনিবাৰে পুৱা প্ৰায় ১১:৩০ বজাত বাগডোগ্ৰা বিমানবন্দৰত উপস্থিত হয়।
ৰাষ্ট্ৰপতিগৰাকীয়ে দাৰ্জিলিং জিলাৰ ফাঁচিদেৱা অঞ্চলত জনজাতীয় সামূহিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল যদিও পিছত স্থান গোসাইপুৰলৈ সলনি কৰা হয়। স্থান সলনিক লৈ বিতৰ্কৰ মাজতে ৰাষ্ট্ৰপতিগৰাকীয়ে অসন্তুষ্টি প্ৰকাশ কৰে।
পিছত তেওঁ ফাঁচিদেৱা ভ্ৰমণ কৰে, য’ত প্ৰথমে এই অনুষ্ঠান অনুষ্ঠিত হোৱাৰ কথা আছিল। তাত ৰাজ্য প্ৰশাসনৰ প্ৰতি মৃদু অসন্তুষ্টি প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী তেওঁৰ বাবে এগৰাকী কনিষ্ঠ ভগ্নীৰ দৰে যদিও ৰাজ্য ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী বা তেওঁৰ কেবিনেটৰ কোনো সদস্যই তেওঁক সাক্ষাৎ কৰা নাছিল, যিটো পৰম্পৰাগত প্ৰট’কলৰ বিপৰীত।
ৰাষ্ট্ৰপতিগৰাকীৰ এই বক্তব্যৰ লগে লগে ভাৰতীয় জনতা পাৰ্টিৰ নেতা আৰু মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মাজত অভিযোগ–প্ৰতিভিযোগৰ সৃষ্টি হয়। ইয়াৰ পিছতে দেওবাৰে পুৱা গৃহ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ পৰা স্পষ্টীকৰণ বিচাৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া