পশ্চিম বংগঃ নিৰ্বাচন আয়োগৰ বৈঠকত ৰাজনৈতিক দলসমূহত একক পৰ্যায়ৰ নিৰ্বাচনৰ দাবী
কলকাতা, ০৯ মাৰ্চ (হি.স.)। পশ্চিম বংগত ভাৰতীয় নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠে সোমবাৰে বিভিন্ন ৰাজনৈতিক দল আৰু ৰাজ্য প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। সভাত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি, নিৰাপত্তাৰ ব্যৱস্থা, ভোটাৰ তালিকাৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা
आयोग से मिले राजनीतिक दलों के प्रतिनिधि


কলকাতা, ০৯ মাৰ্চ (হি.স.)। পশ্চিম বংগত ভাৰতীয় নিৰ্বাচন আয়োগৰ পূৰ্ণ বিচাৰপীঠে সোমবাৰে বিভিন্ন ৰাজনৈতিক দল আৰু ৰাজ্য প্ৰশাসনৰ সৈতে বৈঠকত মিলিত হয়। সভাত আগন্তুক নিৰ্বাচনৰ প্ৰস্তুতি, নিৰাপত্তাৰ ব্যৱস্থা, ভোটাৰ তালিকাৰ সৈতে জড়িত বিষয়সমূহ আলোচনা কৰা হয়। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত সংগ দিয়ে নিৰ্বাচনী আয়ুক্ত সুখবীৰ সিং সন্ধু আৰু বিবেক যোশীয়ে।

বৈঠকৰ অন্তত ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ এটা প্ৰতিনিধি দলে একক পৰ্যায়ৰ নিৰ্বাচনৰ দাবী উত্থাপন কৰে। দলটোৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে যুক্তি আগবঢ়ায় যে যদি একক পৰ্যায়ৰ নিৰ্বাচন সম্ভৱ নহয়, তেন্তে সৰ্বাধিক দুটা পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে। ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) সন্দৰ্ভতো আয়োগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে। ভোটাৰ তালিকা প্ৰস্তুত প্ৰক্ৰিয়াত সাধাৰণ মানুহক কিয় হাৰাশাস্তি কৰা হৈছে সেয়া আয়োগে স্পষ্ট কৰি দিব লাগে বুলিও মন্তব্য কৰে ছালিমে।

ইফালে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিনিধিয়ে উল্লেখ কৰে যে বৈঠকত এছ আই আৰ বিষয়ত আলোচনা হোৱা নাছিল। দলৰ নেতা জগন্নাথ চট্টোপাধ্যায়ে উল্লেখ কৰে যে বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন, গতিকে বৈঠকত মূলতঃ নিৰ্বাচনী পৰিৱেশ আৰু ব্যৱস্থাৰ বিষয়ে আলোচনা কৰা হয়। বিজেপি নেতা তপস ৰায়ে ৰাজ্যত গণতান্ত্ৰিক নিৰ্বাচন নিশ্চিত কৰাটো নিৰ্বাচন আয়োগৰ দায়িত্ব বুলি উল্লেখ কৰি দলটোৱে হিংসামুক্ত আৰু নিকা নিৰ্বাচনৰ দাবী জনায়।

আন এজন বিজেপি প্ৰতিনিধি শিশিৰ বাজোৰিয়াই ৰাজ্য আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিটো ভোটকেন্দ্ৰত কেন্দ্ৰীয় বাহিনী মোতায়েন কৰাৰ দাবী জনায়। তেওঁ কয় যে সকলো বুথতে ৱেব কেমেৰা স্থাপন কৰিব লাগে, কেমেৰাৰ বিজুতি ঘটিলে ভোটদান বন্ধ বা পুনৰ ভোটদান কৰিব লাগে, ভোট কেন্দ্ৰত প্ৰৱেশ কৰাৰ পূৰ্বে পৰিচয় পৰীক্ষণ নিশ্চিত কৰিব লাগে।

বৈঠকৰ সময়ত বিজেপিৰ প্ৰতিনিধিয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীৰ বিতৰ্কিত বক্তব্যও উত্থাপন কৰে, য’ত তেওঁ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ আঙুলি কাটি পেলোৱাৰ বিষয়ে মন্তব্য কৰে। এই বিষয়ত বিজেপিয়ে আয়োগক এফআইআৰ দাখিল কৰিবলৈ দাবী জনায়।

ইফালে, তৃণমূল কংগ্ৰেছৰ প্ৰতিনিধি দলত ৰাজ্যৰ মন্ত্ৰী ফিৰহাদ হাকিম, চন্দ্ৰিমা ভট্টাচাৰ্য, আৰু প্ৰাক্তন ৰাজ্যিক আৰক্ষী সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ উপস্থিত থাকে।

আশুতোষ চট্টোপাধ্যায় আৰু প্ৰদীপ ভট্টাচাৰ্যকে ধৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ এটা প্ৰতিনিধি দলো সভাস্থলীত উপস্থিত হয়।

দেওবাৰে নিশা কলকাতাত উপস্থিত হয় নিৰ্বাচন আয়োগৰ সম্পূৰ্ণ বিচাৰপীঠ। সোমবাৰে প্ৰথমে ৰাজনৈতিক দলৰ সৈতে আৰু তাৰ পিছত ৰাজ্য প্ৰশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande