
গোলাঘাট, ০৯ মাৰ্চ (হি.স.)। বোকাখাত কাৰ্বি-আংলং কাকচাং জলপ্ৰপাতত কালি বিয়লি অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ। স্থানীয় লোকে জলপ্ৰপাতৰ গভীৰ পানীত ওপঙি থকা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ প্ৰত্যক্ষ কৰি খৱৰ দিয়ে ডলামৰা আৰক্ষীক। ডলামৰা আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
বৰ্তমান লৈকে মৃতদেহটো চিনাক্ত কৰিব পৰা হোৱা নাই। উদ্ধাৰ হোৱা মৃতদেহটোৰ মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বৰ্তমানলৈকে আৰক্ষী লাভ কৰা নায়।মৰোণত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত মহিলা গৰাকী প্ৰাকৃতিক কাৰণত মৃত্য়ু হৈছে নেহত্য়াৰ বলি হৈছে সেইটো নিশ্চত কৰিব পৰা যাব।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ