চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযানত মুক্ত কৰা হল প্ৰায় ৭৫ বিঘা চৰকাৰী ভূমি
বিশ্বনাথ, ০৯ মাৰ্চ (হি.স.)। চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান। মুক্ত কৰা হল প্ৰায় ৭৫ বিঘা চৰকাৰী ভূমি। চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰেৰে অভিযান। চতিয়াৰ তিনিটাকৈ স্থানত বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰি গোপচাৰ ভূমি বেদখলকাৰীৰ বিৰ
চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযানত মুক্ত কৰা হল প্ৰায় ৭৫ বিঘা চৰকাৰী ভূমি


বিশ্বনাথ, ০৯ মাৰ্চ (হি.স.)। চতিয়াত প্ৰশাসনৰ উচ্ছেদ অভিযান। মুক্ত কৰা হল প্ৰায় ৭৫ বিঘা চৰকাৰী ভূমি। চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বুলডোজাৰেৰে অভিযান। চতিয়াৰ তিনিটাকৈ স্থানত বিশ্বনাথ জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। চৰকাৰি গোপচাৰ ভূমি বেদখলকাৰীৰ বিৰুদ্ধে চলিছে উক্ত অভিযান। চতিয়াৰ মিলনপুৰত গোপচাৰ মাটি বেদখল কৰা ৩৪টাকৈ পৰিয়ালৰ লগতে চৰাইজনীয়া ১৬টা আৰু চলাহোলাত ১৫টাকৈ ধৰি সৰ্বমুঠ ৬৫ টা পৰিয়ালৰ বিৰুদ্ধে চলোৱা হব এই উচ্ছেদ।

বুলডোজাৰৰ দ্বাৰা এইদৰে প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান। উচ্ছেদ অভিযানৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে মোতায়ন কৰা হৈছে ২০০গৰাকী আৰক্ষী/চি আৰ পি এফ জোৱান। উচ্ছেদ অভিযানৰ পূৰ্বে ইতিমধ্যে বেদখলকাৰী সকল আতৰি গৈছে। আজি প্ৰশাসনে বেদখলকাৰীৰ কবলৰ পৰা প্ৰায় ৭৫ বিঘা চৰকাৰী মাটি মুক্ত কৰিবলৈ সক্ষম হয়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande