
শিৱসাগৰ, ০৯ মাৰ্চ (হি.স.)। সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোট বৰ্জনৰ হুংকাৰ তিনিখন গাৱৰ ৰাইজৰ। নো ৰোড,নো ভোট শ্লোগানেৰে ৰাজপথ অৱৰোধ ৰাইজৰ। তিনিখনকৈ গাৱৰ প্ৰায় তিনি সহস্ৰাধিক ৰাইজৰ ভোট বৰ্জনৰ সিদ্ধান্ত। শিৱসাগৰ জিলাৰ দিখৌমুখ অঞ্চলৰ দিছিয়াল,দুলীয়া আৰু চিৰিপুৰীয়া গাৱৰ ৰাইজে সমাগত নিৰ্বাচনত কৰিব ভোট বৰ্জন।
বিলুপ্ত হোৱা আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰী ৰাইজে। বহু আবেদন নিবেদন কৰাৰ পাছতো নিৰ্মাণ কৰি দিয়া নহল গুৰুত্বপূৰ্ণ পথ। পথ নিৰ্মাণৰ বাবে ব্যৱস্থা লোৱাৰ ক্ষেত্ৰত সময় নহল প্ৰদীপ হাজৰিকাৰ। বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভোট বিচাৰি যোৱা কোনো ৰাজনৈতিক নেতাকেই গাৱত প্ৰবেশ কৰিবলৈ নিদিয়ে গাঁওবাসীয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা