
বঙাইগাঁও, ০৯ মাৰ্চ (হি.স.)। যোগীঘোপাৰ নয়াগাঁওত কালি বিয়লি ভয়ংকৰ দুৰ্ঘটনা । ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ নয়াগাঁওত চাৰি চকীয়া বাহন আৰু ডাম্পাৰৰ মাজত সংঘৰ্ষ । এএছ ০১ জিএল ৬০৬৭ ইগনিছ চাৰিচকীয়া বাহন খন বৰপেটাৰ পৰা গোৱালপাৰা অভিমুখে যাওঁতে যোগীঘোপাৰ নয়াগাঁৱত চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত একেদিশৰ পৰা অহা এনএল ০১এএফ ১৫১৮ নম্বৰৰ ডাম্পাৰ খনে পথ অতিক্ৰম কৰা অৱস্থাত প্ৰচণ্ড জোৰেৰে খুন্দিয়াই ।
ফলত চাৰিচকীয়া বাহন খনৰ পিছৰ আসনত থকা আৰোহী জন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । হাত আৰু দাঁত ভাঙিছে আৰোহী জনৰ । ছহিদুল ইছলাম নামৰ আৰোহী জনক সংকটজনক অৱস্থাত গোৱালপাৰা চিকিৎসালয়লৈ প্ৰেৰন কৰা হৈছে । ফৰিদুল ইছলাম নামৰ চালক জনৰ সৈতে ৰিংকু দাস নামৰ আৰোহীজন কথমপি প্ৰাণ ৰক্ষা পৰে । দুয়োকো চিকিৎসালয় লৈ প্ৰেৰণ কৰা হৈছে । তিনি বন্ধুৱে বৰপেটাত চুলিত দৰৱ লগাবলৈ গৈ উভতি আহোঁতে দুৰ্ঘটনাত পতিত হয় ।তিনিওৰে ঘৰ মেঘালয়ৰ মেন্দিপথাৰত বুলি জানিব পৰা গৈছে ।ঘটনাস্থলীত যোগীঘোপা আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ