
যোৰহাট, ০৯ মাৰ্চ (হি.স.)। তিতাবৰৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে অবৈধ চুলাই মদৰ বেহা৷
এই চুলাই মদ প্ৰস্তুত কৰা ভাটিয়ে সামাজিক-শৈক্ষিক পৰিৱেশ বিনষ্ট কৰি অহাৰ লগতে ধ্বংস কৰিছে বহু পৰিয়াল ৷ কাঠফুলাৰ দৰে গঢ় লৈ উঠা এই চুলাই ভাটি সমূহ উচ্ছেদ কৰিবলৈ দীৰ্ঘদিনে দাবী জনাই আহিছে সচেতন লোকসকলে। অতিষ্ঠ হৈ অবৈধ চুলাই মদৰ ভাটি উচ্ছেদ কৰিবলৈ উলাই আহিল আটছা ৰ উদ্যোগত শতাধিক মহিলা।
তিতাবৰৰ অসম নাগালেণ্ড সীমান্তৰ ফুলবাৰী অঞ্চলত দীৰ্ঘ দিন ধৰি অবৈধ ভাৱে চুলাই মদ প্ৰস্তুত কৰি অহা ব্যক্তি সকলৰ ঘৰে ঘৰে গৈ চলালে উচ্ছেদ
অভিযান। প্ৰস্তুতকাৰীক ভৱিষ্যতে পুনৰ প্ৰস্তুত নকৰিবলৈ দিলে সকীয়নি।অঞ্চলটোত অনুষ্ঠিত কৰিলে এক সজাগতা সভা।চুলাই সেৱনকাৰী সকলকো সেৱন নকৰিবলৈ জনালে আহ্বান । তিতাবৰৰ আৱকাৰী বিভাগকো অতি শীঘ্ৰেই তিতাবৰ বিভিন্ন প্ৰান্তত অবৈধ ভাৱে চুলাই মদ প্ৰস্তুত কৰি অহা ব্যক্তি সকলৰ ওপৰত ব্যৱস্হা গ্ৰহণ কৰিবলৈ দাবী জনায়।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু