
নগাঁৱ, ০৯ মাৰ্চ (হি.স.)। নগাঁৱৰ বঢ়মপুৰ বিধান সভা সমষ্টিত মুছলমান ৰাইজেও আদৰি লৈছে বিজেপি বিধায়ক জিতু গোস্বামীক। সমষ্টিটোৰ চলচলি মুছলমান গাঁৱত নিশা বিধায়ক জিতু গোস্বামীৰ প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে। বুথে বুথে কৰ্মী সভা অনুষ্ঠিত কৰি বঢ়মপুৰত সাংগঠনিক তৎপৰতা বৃদ্ধি বিধায়ক জিতু গোস্বামীৰ।
তাৰ মাজতে সাংবাদিকৰ আগত বিৰোধীৰ মিত্ৰতাক লৈ বিধায়ক গোস্বামীৰ মন্তব্য সাপ ,নেউল একেখন হাবিতে একেলগে নাথাকে। বিৰোধীৰ মিত্ৰতা আকাশত চাং পতাৰ লেখীয়া হৈছে। বঢ়মপুৰ সমষ্টিৰ চলচলি মুছলমান লোক জিতু গোস্বামীক লৈ এইবাৰ কিয় আশাবাদী তাক লৈ একাংশৰ মন্তব্য মুছলমান লোক এতিয়া উন্নয়নৰ পক্ষত থিয় দিছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু