
গোলাঘাট, ০৯ মাৰ্চ (হি.স.): গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ সভাত গ' বেক ধ্বনি দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। খুমটাই বিধানসভা সমষ্টিৰ ঢলাগুৰি চাহ বাগিচাত যোৱা কালি দেওবাৰে বিয়লি কংগ্ৰেছৰ সাম্ভাৱ্য প্ৰাৰ্থী ৰ'জলীনা তিৰ্কীৰ সভাৰ মাজতেই একাংশ লোকৰ ৰ'জলীনা তিৰ্কী গ' বেক ধ্বনি দিয়ে। মাত্ৰ কিছুসংখ্যক লোকক লৈ সভা চলি থাকোতেই একাংশ লোকে দিলে ৰ'জলীনা তিৰ্কী গ' বেক ধ্বনি।
ইফালে কংগ্ৰেছ দলৰ ৰ'জলীনা তিৰ্কীৰ সভাত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক ধমক দিয়াৰ অভিযোগ উত্থাপিত হৈছে। সভাত ৰজলীনা তিৰ্কী গ' বেক শ্ল'গান দিয়াৰ পিছতে উদণ্ড কংগ্ৰেছী কৰ্মীয়ে সাংবাদিকৰ ওপৰত খং উজাৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ