মঙলদৈৰ দুটাকৈ কালি মন্দিৰত চুৰি কাণ্ড
দৰং, ০৯ মাৰ্চ (হি.স.)। মঙলদৈৰ মন্দিৰত পুনৰ চুৰি কাণ্ড। নিশা দুটাকৈ কালি মন্দিৰত চুৰি কাণ্ড। মঙ্গলদৈ শান্তিপুৰ দক্ষিণেশ্বৰ কালি মন্দিৰত নিশা তলা ভাঙি লৈ যায় লক্ষাধিক টকাৰ আ অলংকাৰ। এটা সোনৰ মুকুট, নাকফুলি, ৰূপৰ দা সহ দান পাত্ৰৰ বহু পৰিমাণৰ ধন চোৰে
মঙলদৈৰ দুটাকৈ কালি মন্দিৰত চুৰি কাণ্ড


দৰং, ০৯ মাৰ্চ (হি.স.)। মঙলদৈৰ মন্দিৰত পুনৰ চুৰি কাণ্ড। নিশা দুটাকৈ কালি মন্দিৰত চুৰি কাণ্ড। মঙ্গলদৈ শান্তিপুৰ দক্ষিণেশ্বৰ কালি মন্দিৰত নিশা তলা ভাঙি লৈ যায় লক্ষাধিক টকাৰ আ অলংকাৰ। এটা সোনৰ মুকুট, নাকফুলি, ৰূপৰ দা সহ দান পাত্ৰৰ বহু পৰিমাণৰ ধন চোৰে লুটি নিয়ে। নিশা স্থানীয় ৰাইজে চুৰি কাণ্ড প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ কৰাত চোৰ পলায়ন কৰিব সক্ষম হয়।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য একে নিশাই বৰুৱা পাৰাৰ কালি মন্দিৰৰ পৰাও চোৰে লুটি নিলে নগদ ধন সহ আ অলংকাৰ। আৰক্ষীৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে স্থানীয় ৰাইজে। অতি শীঘ্ৰে চোৰ কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে স্থানীয় ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande