
কাঠমাণ্ডু, ০৯ মাৰ্চ (হি.স.)। নেপালৰ ৰাজধানী কাঠমাণ্ডু বৰ্তমান তীব্ৰ বায়ু প্ৰদূষণৰ সৈতে যুঁজি আছে। মহানগৰীৰ বায়ুৰ গুণাগুণ সূচকাংক ২০০ৰ ওচৰ চাপিছে, যিটোক অতি অস্বাস্থ্যকৰ বুলি গণ্য কৰা হৈছে।
বিশেষজ্ঞসকলৰ মতে অতি সূক্ষ্ম কণাযুক্ত পদাৰ্থ (পিএন২.৫) বায়ু প্ৰদূষণৰ মূল কাৰণ। এই কণাবোৰ স্বাস্থ্যৰ বাবে অত্যন্ত ক্ষতিকাৰক আৰু বিশেষকৈ শিশু, বৃদ্ধ আৰু পূৰ্বতে চিকিৎসাজনিত অৱস্থা থকা লোকৰ বাবে গুৰুতৰ বিপদৰ সৃষ্টি কৰে।
পৰিৱেশ বিভাগৰ সঞ্চালক প্ৰধান জ্ঞান ৰাজ চুবেদিয়ে কয় যে কাঠমাণ্ডুৰ বায়ুৰ মানদণ্ড নিম্নগামী হোৱাৰ বাবে নগৰীয়া নিৰ্গমন আৰু প্ৰতিকূল বতৰ দুয়োটা দায়ী। শান্ত বতাহ আৰু বৰষুণৰ অভাৱে ধোঁৱা, ধূলি আৰু অন্যান্য প্ৰদূষক পদাৰ্থ বায়ুমণ্ডলত বিয়পি পৰাত বাধা দিয়ে আৰু উপত্যকাত জমা হৈ পৰে।
তেওঁ কয় যে বাহনৰ নিৰ্গমন বিশেষকৈ নিৰ্ধাৰিত মানদণ্ডতকৈ অধিক নিৰ্গমন কৰা ডিজেল চালিত বাহন প্ৰদূষণৰ এক প্ৰধান উৎস হৈ পৰিছে। ঔদ্যোগিক কাম-কাজ, নিৰ্মাণৰ ধূলি, জৈৱবস্তু জ্বলোৱা, ঘৰুৱা ইন্ধনৰ ব্যৱহাৰ আদিয়েও বায়ু প্ৰদূষিত কৰিছে।
কাঠমাণ্ডুৰ আশে-পাশে থকা অঞ্চলৰ পৰা হোৱা প্ৰদূষণ আৰু ঋতুভিত্তিক বনজুইয়েও পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে বুলি পৰিৱেশ বিভাগে মত প্ৰকাশ কৰিছে। তদুপৰি দ্ৰুত নগৰায়নৰ ফলত শক্তিৰ ব্যৱহাৰ, পৰিবহণৰ চাহিদা আৰু ঔদ্যোগিক কাৰ্য্যকলাপ বৃদ্ধি পাইছে, যাৰ ফলত পিএম২.৫, কাৰ্বন মনোক্সাইড, নাইট্ৰজেন ডাই অক্সাইড আদি প্ৰদূষকৰ মাত্ৰা বৃদ্ধি পাইছে।
তথ্য অনুসৰি কাঠমাণ্ডুত প্ৰদূষণ নতুন সমস্যা নহয়। ২০২৫ চনৰ শেষৰ ফালে চহৰখনত প্ৰতি ঘনমিটাৰত গড়ে ৪৫.১ মাইক্ৰ’গ্ৰাম পিএম২.৫ৰ মাত্ৰা ৰেকৰ্ড কৰা হৈছিল, যিটো প্ৰায় ১২৮ৰ এচিইউআইৰ সমতুল্য।এই মাত্ৰা বিশ্ব স্বাস্থ্য সংস্থাৰ বাৰ্ষিক নিৰাপদ সীমা প্ৰতি ঘনমিটাৰত ৫ মাইক্ৰ’গ্ৰামতকৈ প্ৰায় ৯গুণ বেছি। বৰ্তমান কাঠমাণ্ডু বিশ্বৰ আটাইতকৈ প্ৰদূষিত প্ৰধান চহৰসমূহৰ ভিতৰত তৃতীয় স্থানত আছে। কাঠমাণ্ডুৰ বায়ুৰ গুণাগুণ বিগত ৩০ দিন ধৰি ধাৰাবাহিকভাৱে অস্বাস্থ্যকৰ শ্ৰেণীত আছে।
বিশেষকৈ প্ৰদূষণৰ শীৰ্ষ সময়ত বাহিৰৰ কাম-কাজ সীমিত কৰি সাৱধানতা অৱলম্বন কৰিবলৈ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে। বতৰৰ পৰিৱৰ্তন আৰু নিৰ্গমন নিয়ন্ত্ৰণ ব্যৱস্থাৰ ফলপ্ৰসূ ৰূপায়ণৰ পিছতহে অনাগত দিনত বায়ুৰ গুণাগুণ ক্ৰমান্বয়ে উন্নত হোৱাৰ সম্ভাৱনা আছে।
हिन्दुस्थान समाचार / Manoj Kumar Saikia