মানচেষ্টাৰ অভিমুখী ইণ্ডিগ’ৰ এখন বিমান ইথিওপিয়াৰ সীমান্তৰ পৰা পুনৰ দিল্লীলৈ উভতিল
- পশ্চিম এছিয়াৰ আকাশমাৰ্গত নিষেধাজ্ঞাৰ মাজতে দিল্লীলৈ উভতি আহিল ইণ্ডিগোৰ এখন বিমান নতুন দিল্লী, ০৯ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ক্ৰমাৎ উত্তেজনা আৰু আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে দিল্লীৰ পৰা মানচেষ্টাৰলৈ যোৱা ইণ্ডিগ’ৰ ৬ই০৩৩ বিমানখনে মাজ বাটৰ পৰাই দ
इंडिगो एयरलाइन के लागो का प्रतीकात्मक चित्र


इंडिगो एयरलाइन के लागो का प्रतीकात्मक चित्र


- পশ্চিম এছিয়াৰ আকাশমাৰ্গত নিষেধাজ্ঞাৰ মাজতে দিল্লীলৈ উভতি আহিল ইণ্ডিগোৰ এখন বিমান

নতুন দিল্লী, ০৯ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত ক্ৰমাৎ উত্তেজনা আৰু আকাশমাৰ্গৰ নিষেধাজ্ঞাৰ বাবে দিল্লীৰ পৰা মানচেষ্টাৰলৈ যোৱা ইণ্ডিগ’ৰ ৬ই০৩৩ বিমানখনে মাজ বাটৰ পৰাই দিল্লীলৈ ঘূৰিবলগীয়া হৈছে।

ফ্লাইটৰাডাৰ২৪ (Flightradar24) ৱেবছাইট অনুসৰি সোমবাৰে পুৱা দিল্লীৰ পৰা মানচেষ্টাৰলৈ যোৱা ইণ্ডিগ’ৰ এখন বিমান (নম্বৰ ৬ই০৩৩) পশ্চিম এছিয়াৰ আকাশমাৰ্গত নিষেধাজ্ঞাৰ বাবে ইথিওপিয়াৰ সীমান্তৰ ওচৰ পোৱাৰ পিছতো আকাশৰ মাজভাগৰ পৰাই উভতি যাবলগীয়া হোৱাত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। অৱশ্যে জাহাজত থকা সকলো যাত্ৰী সুৰক্ষিত।

ইণ্ডিগ’ এয়াৰলাইন্সে যোৱা বছৰ মুম্বাই আৰু মানচেষ্টাৰ সংযোগী প্ৰথমখন দীৰ্ঘ দূৰত্বৰ বিমান আৰম্ভ কৰিছিল। ইয়াৰ পিছতে নৱেম্বৰ মাহত দিল্লী আৰু মানচেষ্টাৰৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ হৈছিল। ২৬ ফেব্ৰুৱাৰীৰ পিছত এইখন আছিল ইণ্ডিগ’ৰ প্ৰথমখন দিল্লী-মানচেষ্টাৰ বিমান।

দিল্লী-মানচেষ্টাৰ গ্ৰেট চাৰ্কলৰ দূৰত্ব ৬,৮২৯ কিলোমিটাৰ আৰু গড় বিমানৰ সময় প্ৰায় ১১ ঘণ্টা। এই বিমানখনে এডেন উপসাগৰ আৰু আফ্ৰিকাৰ মাজেৰে দক্ষিণ দিশৰ এক অস্বাভাৱিক পথ গ্ৰহণ কৰিছিল। প্ৰায় সাত ঘণ্টা উৰাজাহাজ চলোৱাৰ পিছত নিৰাপত্তাজনিত কাৰণত ইথিওপিয়া-ইৰিত্ৰিয়া সীমান্তৰ ওচৰত বিমানখন ঘূৰাই দিয়া হয়।

ইণ্ডিগোৰ এগৰাকী মুখপাত্ৰই কয় যে, পশ্চিম এছিয়া আৰু ইয়াৰ আশে-পাশে থকা পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে আমাৰ কিছুমান বিমানে দীঘলীয়া পথ ল'বলগীয়া হ'ব পাৰে বা পুনৰ পথ সলনি কৰিবলগীয়া হ'ব পাৰে। পশ্চিম এছিয়াৰ চলি থকা পৰিস্থিতিৰ বাবে শেষ মুহূৰ্তত আকাশমাৰ্গৰ নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দিল্লীৰ পৰা মানচেষ্টাৰলৈ যোৱা ৬ই০৩৩ নং বিমানখনে মূল গন্তব্যস্থানলৈ উভতি যাবলগীয়া হৈছিল। আমি যাত্ৰা পুনৰ আৰম্ভ কৰাৰ সম্ভাৱনাৰ বিষয়ে অন্বেষণ কৰি আছো।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande