ধুবুৰীত আৰক্ষীৰ অভিযানত ৫জন জুৱাৰীক আটক
ধুবুৰী, ০৯ মাৰ্চ (হি.স.)। ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান। অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে। এইবাৰ বহু ৰথি-মহাৰথী আৰক্ষীৰ জালত। এক গোপন তথ্যৰ ভিত্তিত নিশা ধুবুৰী সদৰ আৰক্ষীয়ে ক্লাৱটোত অকস্মাতে অভিযান
ধুবুৰীত আৰক্ষীৰ অভিযানত ৫জন জুৱাৰীক আটক


ধুবুৰী, ০৯ মাৰ্চ (হি.স.)। ধুবুৰীত জুৱা খেলৰ বিৰুদ্ধে মাজ নিশালৈ চলিল আৰক্ষীৰ অভিযান। অভিযানত ৫ জনকৈ জুৱাৰীক আটক কৰি থানালৈ লৈ আনে আৰক্ষীয়ে। এইবাৰ বহু ৰথি-মহাৰথী আৰক্ষীৰ জালত। এক গোপন তথ্যৰ ভিত্তিত নিশা ধুবুৰী সদৰ আৰক্ষীয়ে ক্লাৱটোত অকস্মাতে অভিযান চলায়।

ধুবুৰী চহৰৰ মাজমজিয়াত থকা ক্লাবটোত নিশা ৯ বজাৰ পৰা মাজ নিশা ২ বজালৈ চলিল এই অভিযান। অভিযানত ১৬ জনকৈ জুৱাৰীক হাতে লোটে ধৰা পেলায় যদিও ১১ জন জুৱাৰীক মুকলি কৰি দি মাত্ৰ ৫ জনক আটক কৰি থানালৈ লৈ আনি স্বাস্থ্য পৰীক্ষাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। এই ক্লাবত বহু দিন ধৰি ঘৰৰ দৰ্জা বন্ধ কৰি গোপনে চলাই গৈছিল ৰমৰমীয়া জুৱাৰ খেল।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande