
দৰং, ০৯ মাৰ্চ (হি.স.)। ছিপাঝাৰৰ বৰদৌলগুৰিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অসম গ্ৰামীণ বিকাশ বেংকৰ সমীপৰ ব্যৱসায়িক গুদামত জুইৰ সূত্ৰপাত। ঘৰুৱা আচবাব বিক্ৰীৰ বাবে মজুত ৰখা গুদামত সংঘটিত হৈছে উক্ত অগ্নিকাণ্ড। বাল্টিৰে আৰু বালি ব্যৱহাৰ কৰি জুই নিৰ্বাপন কৰাৰ চেষ্টা স্থানীয় ৰাইজৰ।
পিছত অগ্নি নিৰ্বাপন বাহিনী উপস্থিত হৈ সম্পূৰ্ণ জুই নিৰ্বাপন কৰে। বৈদ্যুতিক তাৰৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা