
ওদালগুৰি, ০৯ মাৰ্চ (হি.স.)। টংলা ৰেল বিভাগৰ উচ্ছেদৰ জাননীক লৈ আতংকিত শতাধিক পৰিয়াল। উন্নয়নৰ নামত উচ্ছেদ কৰি প্ৰতাৰিত নকৰিবলৈ আহ্বান পৰিয়াল কেইটাৰ। উল্লেখ্য যে ওদালগুৰি জিলাৰ অতিকৈ পুৰণি ৰেল ষ্টেচন টংলা ৰেল ষ্টেচনৰ আন্তগাঁথনি উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ অমৃত ভাৰত আঁচনিৰ জৰিয়তে টংলা ৰেল ষ্টেচন নতুনকৈ নিৰ্মাণৰ বাবে যো-জা কৰা হৈছে। সেয়েহে ৰেল বিভাগে ষ্টেচনৰ আশে থকা ৰেল বিভাগৰ মাটিত থকা দোকান, পোহাৰ, ঘৰ দুৱাৰ খালি কৰাৰ বাবে এতিমধ্যে জাননী প্ৰেৰণ কৰিছে।।
উল্লিখিত জাননী অনুসৰি অহাঁকালি ৯ মাৰ্চৰ ভিতৰত খালি কৰাৰ কথা সদৰী কৰে। তাকে লৈ বছৰ বছৰ ধৰি ৰেল ষ্টেচনৰ দাতি কাষৰিয়া মাটিত দোকান পোহাৰ দি বসবাস কৰি অহা সাধাৰণ শ্ৰেণীৰ লোকে আতংকিত হৈ পৰিছে। হঠাৎ উচ্ছেদৰ জাননী জাৰি কৰাত আজি পৰিয়াল সমূহে সংবাদ মাধ্যমৰ সন্মুখলৈ আহি ৰেল বিভাগক যিখিনি প্ৰয়োজনীয় সেইখিনি খালি কৰি গোটেইখিনি মাটি উচ্ছেদ নকৰিবলৈ আহ্বান জনাইছে পৰিয়াল সমূহে।লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাকো বিষয়টোৰ সন্দৰ্ভত মানৱীয় দৃষ্টি ভংগী গ্ৰহণ কৰি নৰম স্থিতি ল'ৱলৈ আহ্বান জনাইছে পৰিয়াল সমূহে। যদিহে ৰেল বিভাগে মৰম দয়া নহোৱাকৈ গোটেইখিনি মাটি উচ্ছেদ কৰি পৰিয়াল সমূহ গৃহহাৰা কৰে তেন্তে আন্দোলন কৰাৰো হুংকাৰ প্ৰদান কৰে পৰিয়াল সমূহে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ