
বিশ্বনাথ, ০৯ মাৰ্চ (হি.স.)। চতিয়াত আজি পুঁৱাৰ পৰাই প্ৰশাসনৰ উচ্ছেদ অভিযান। চতিয়াৰ তিনিটাকৈ স্থানত চৰকাৰী ভূমি বেদখলকাৰীৰ বিৰুদ্ধে বুলডজাৰৰে অভিযান। চলাহোলা, মিলনপুৰ আৰু চৰাইজনীয়াত সৰ্বমুঠ ৬৫ টা পৰিয়ালৰ বিৰুদ্ধে চলোৱা হৈছে এই উচ্ছেদ।
উচ্ছেদ অভিযানত নিয়োজিত কৰা হৈছে ২০০ ৰো অধিক নিৰাপত্তাৰক্ষী। ইফালে পুৱাৰে পৰা চলোৱা এই উচ্ছেদ অভিযান সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে চলি থকা বুলি জানিব পৰা গৈছে। উচ্চেদিত লোকসকলে নিজেই নিজ নিজ সামগ্ৰী লৈ সেই ঠাই ত্যাগ কৰিছে আৰু অৱশিষ্ট খকাখিনি প্ৰশাসনৰ লোকে আহি ভাঙি দিয়া পৰিলক্ষিত হৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু