
দৰং, ০৯ মাৰ্চ (হি.স.)। ৫১ নং দলগাঁও সমষ্টিৰ শাসকীয় বিজেপি মিত্ৰজোটৰ অগপৰ সাম্ভাব্য প্ৰাৰ্থী তথা অসম ৰাজ্যিক অগপ যুৱ পৰিষদৰ সাধাৰণ সম্পাদক জয়নাল আলীয়ে কালি বিয়লি দলগাঁও সমষ্টি এইবাৰ পুনৰ উদ্ধাৰ কৰিবলৈ বদ্ধপৰিকৰ বুলি হুংকাৰ দিয়ে । দলগাঁও সমষ্টিৰ অন্তৰ্গত খাৰুপেটীয়া প্ৰেছ ক্লাৱত সংবাদ মেলৰ আয়োজন কৰি দলগাঁও সমষ্টিৰ নেতাজনে সমষ্টিটোৰ নেতৃবৃন্দৰ সৈতে আজি এই হুংকাৰ প্ৰদান কৰে। দলগাও সমষ্টি আজি অসমৰ আন আন সমষ্টিৰ তুলনাত অতি পিছপৰা। সংবাদ মেলত তেও উল্লেখ কৰে যে অগপৰ প্ৰাৰ্থী বিজয়ী হলে দলগাঁও সমষ্টিত স্বাস্থ্য, শিক্ষা , কৃষক সকলৰ উন্নয়ন আদি কৰি সৰ্বাংগীন উন্নয়নৰ হকে কাম কৰিব বুলিও অগপৰ সাম্ভাব্য প্ৰাৰ্থী গৰাকী মত প্ৰকাশ কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ