
চিৰাং, ০৯ মাৰ্চ (হি.স.)। চিৰাং জিলাৰ বাসুগাঁও চহৰৰ ঐতিহাসিক ৰাজাঠাকুৰ দৌল দেৱালয়ত ২২০ সংখ্যক পঞ্চমদৌল উৎসৱ । ঐতিহাসিক এই ৰাজাঠাকুৰ দৌল দেৱালয়ৰ বিশেষত্ব হৈছে যে এই দেৱালয়ত শাক্ত আৰু বৈষ্ণৱ দুয়োটা পন্থাৰে পূজা অৰ্চনা কৰা হয় । আজি পঞ্চমদৌল উপলক্ষে সুঁৱেৰী উৎসৱ আৰু বছৰেকীয়া মেলা অনুষ্ঠিত হব ।
চিদলী ইষ্টেটৰ ৰজাদিনীয়া এই ঐতিহাসিক ৰাজাঠাকুৰ দৌল দেৱালয়ত অন্যান্য বছৰৰ দৰে এইবেলিও পঞ্চম দৌল পূজা উপলক্ষে দেৱালয় প্ৰাঙ্গনত ভক্তপ্ৰাণ ৰাইজৰ ভীৰ পৰিলক্ষিত হয় । দুৰ দুৰণিৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে দেৱালয়ত পূজা অৰ্চনাত ভাগ লৈছে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা