উন্নয়নৰ দিশে আৰু এখোজ মন্ত্ৰী পীযুষ হাজৰিকাৰ
মৰিগাঁও, ০৯ মাৰ্চ (হি.স.)। উন্নয়নৰ দিশে আৰু এখোজ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰাইজে কলঙৰ ওপৰত পাব আৰু এখন নতুন দলং। বিপুল হৰ্ষোল্লাসেৰে ৰাইজে জনালে আদৰণি। সুচল যাতায়াত-সংযোগ ব্যৱস্থাৰ উদ্দেশ্যে সোমবাৰে জাগীৰোড সমষ্টিত অসম মালা ৩.০ আঁচনিৰ অধীনত আধাৰশ
উন্নয়নৰ দিশে আৰু এখোজ মন্ত্ৰী পীযুষ হাজৰিকাৰ


উন্নয়নৰ দিশে আৰু এখোজ মন্ত্ৰী পীযুষ হাজৰিকাৰ


মৰিগাঁও, ০৯ মাৰ্চ (হি.স.)। উন্নয়নৰ দিশে আৰু এখোজ মন্ত্ৰী পীযুষ হাজৰিকাৰ। ৰাইজে কলঙৰ ওপৰত পাব আৰু এখন নতুন দলং। বিপুল হৰ্ষোল্লাসেৰে ৰাইজে জনালে আদৰণি।

সুচল যাতায়াত-সংযোগ ব্যৱস্থাৰ উদ্দেশ্যে সোমবাৰে জাগীৰোড সমষ্টিত অসম মালা ৩.০ আঁচনিৰ অধীনত আধাৰশিলা স্থাপন এটি নতুন পথৰ। ‘ঝাৰগাঁৱৰ পৰা দিপ্ৰাং বৰপাক হৈ মালয়বাৰী’ সংলগ্ন এই পথচোৱাৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী পিযুষ হাজৰিকাই।

দীৰ্ঘদিনৰে পৰা বৰপাক-মালয়বাৰী সংযোগী এখন দলঙৰ অভাৱ বাৰুকৈয়ে উপলব্ধি কৰি আহিছিল দুয়ো অঞ্চলৰ জনতাই। শেহতীয়াকৈ এই আচঁনিৰ অধীনত কলঙৰ ওপৰত নিৰ্মাণ হ'বলগীয়া দলংখনে বিশেষকৈ বহা-বৰপাক অঞ্চলৰ পৰা মহানগৰীৰ দূৰত্ব নিচেই কমাই আনিব আৰু অঞ্চলটোৰ হ'ব আৰ্থ-সামাজিক উন্নয়ন।

এই আধাৰশিলা স্থাপন কাৰ্যসূচীৰ সতে সংগতি ৰাখি দিপ্ৰাঙত অনুষ্ঠিত এক জনসভাত মন্ত্ৰীগৰাকীয়ে পথৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে উন্নত যাতায়াত-ব্যৱস্থাৰ সুবিধা লাভৰ উপৰি অঞ্চলটোৰ ৰাইজৰ দৈনন্দিন জীৱন যাত্ৰাত নতুন গতি লাভ কৰিব বুলি মন্তব্য কৰে

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande