
বিশ্বনাথ, ০৯ মাৰ্চ (হি.স.)। এখন দলঙ আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজৰ দুৰ্দশাৰ কাহিনী । স্থান গহপুৰৰ ঔগুৰী । প্ৰায় দুটা বছৰৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ উন্নত পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত পকী দলঙ খন লাভ কৰি ৰাইজ আনন্দিত হৈছিল । বহু আবেদন নিবেদনৰ অন্তত লাভ কৰা দলঙ খনৰ নিৰ্মানৰ দায়িত্ব বিজেপিৰ কৃষক মৰ্চাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল বৰা ওৰফে ঢ়েকিয়ালে লাভ কৰিছিল।
কিন্ত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা দুটা বছৰ হবলৈ হ'ল যদিও আধৰুৱা হৈ পৰি আছে দলং খন । লোক নিৰ্মাণ বিভাগৰ অধিনস্ত দলং খন অতি নিম্ন মানৰ সামগ্ৰীয়ে নিৰ্মাণ কৰাৰ লগতে আধৰুৱাকৈ দলং খন পেলাই ৰখাত ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগা হৈছে । শাসকীয় বিজেপি নেতা হোৱাৰ বাবে বিভাগকো বুঢ়া আঙুলি দেখুৱাই অহাৰ লগতে ৰাইজে বহু বাৰ কৰি অহা অবেদনকো ভুক্ষেপ কৰা নাই ঠিকাৰদাৰ গৰাকীয়ে । আনহাতে সন্মুখত বাৰিষা বহি: জগতৰ লগত যোগাযোগৰ এক মাত্ৰ পথটোৰ দলং খনক লৈ অজান আশংকাত ভুগিছে স্থানীয় ৰাইজে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ