


কোকৰাঝাৰ, ৯ মাৰ্চ (হি.স.)। বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি)ৰ মুখ্য হাগ্ৰামা মহিলাৰীয়ে আজি কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত শিক্ষাৰ্থী, নাৰ্ছ আৰু ৰেচিডেণ্ট ডাক্তৰসকলৰ বাবে আবাসন সুবিধা অধিক উন্নত কৰাৰ লক্ষ্যৰে একাধিক হোষ্টেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।
উক্ত প্ৰকল্পসমূহৰ ভিতৰত ১০০ খন বেডবিশিষ্ট ছোৱালী হোষ্টেল, ১০০ খন বেডবিশিষ্ট ল’ৰা হোষ্টেল আৰু ১০০ খন বেডবিশিষ্ট নাৰ্ছ হোষ্টেল নিৰ্মাণৰ কাম অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো হোষ্টেল নিৰ্মাণৰ বাবে আনুমানিক ব্যয় ধৰা হৈছে ৬.৬৬ কোটি টকা। এই হোষ্টেলসমূহ জি+২ তলা ব্যৱস্থাৰে নিৰ্মাণ কৰা হ’ব। ইয়াত একক আৰু দ্বৈত বেডযুক্ত কোঠা, ৰন্ধনশালা আৰু ভোজনালয়, অপেক্ষা কক্ষ, কমন ৰুম, শৌচাগাৰ ব্লক আদি সুবিধা থাকিব। লগতে অন্তৰ্ভুক্ত কৰা হৈছে অভ্যন্তৰীণ পথ আৰু স্থান উন্নয়নৰ কাম।
ইয়াৰ উপৰিও বিটিচি মুখ্যই ১০০ খন বেডৰ সক্ষমতাৰে ৰেচিডেণ্টছ হোষ্টেল (৫০ বেডৰ দুটা পৃথক ভবন) নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰে। প্ৰায় ৯.৯১ কোটি টকাৰ ব্যয়েৰে জি+১ তলা ব্যৱস্থাৰে নিৰ্মাণ হ’বলগীয়া এই হোষ্টেলত সংযুক্ত শৌচাগাৰ আৰু ৰন্ধন সুবিধাৰে দ্বৈত বেডযুক্ত কোঠা থকাৰ লগতে অভ্যন্তৰীণ পথ আৰু স্থান উন্নয়নৰ ব্যৱস্থাও থাকিব।
অনুষ্ঠানত বিটিচিৰ কাৰ্যবাহী সদস্য দেৰহাসাত বসুমতাৰী, প্ৰকাশ বসুমতাৰী, সচিব কৰ্মদেৱ ব্ৰহ্ম আৰু অন্যান্য সংশ্লিষ্ট বিষয়া উপস্থিত থাকে।এই হোষ্টেলসমূহ নিৰ্মাণ সম্পূৰ্ণ হ’লে কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত অধ্যয়নৰত শিক্ষাৰ্থী, নাৰ্ছ আৰু ৰেচিডেণ্ট ডাক্তৰসকলৰ বাবে আবাসন ব্যৱস্থা উল্লেখযোগ্যভাৱে উন্নত হোৱাৰ লগতে অঞ্চলটোত চিকিৎসা শিক্ষা আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰতো অধিক শক্তিশালী ভিত্তি গঢ়ি উঠিব বুলি আশা প্ৰকাশ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ