
গোলাঘাট, ০৯ মাৰ্চ (হি.স.)। বোকাখাতত হিয়াৰ আমঠু, সংগীতৰ ৰাজপুত্ৰ জুবিন গাৰ্গৰ পূৰ্ণাঙ্গ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন ৷ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰাৰ বিধায়ক উন্নয়ন পুঁজি আৰু স্থানীয় দল-সংগঠনৰ সহযোগত বোকাখাত নাট্য মন্দিৰৰ প্ৰাঙ্গণত স্থাপন হ'ব এই পূৰ্ণাঙ্গ প্ৰতিমূৰ্তি ৷ সোমবাৰে এক মাঙ্গলিক কাৰ্যসূচীৰ মাজেৰে হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী অতুল বৰাই ৷
প্ৰায় ১৫ লাখ টকাৰে মাৰ্বল পাথৰেৰে নিৰ্মাণ হ'ব লগা প্ৰতিমূৰ্তিটোৰ ১০ লাখ টকা মন্ত্ৰী অতুল বৰাই নিজৰ বিধায়ক পুঁজিৰ পৰা আগবঢ়াইছে ৷ হিয়াৰ আমঠু শিল্পীগৰাকীৰ ন্যায়ৰ ক্ষেত্ৰত মিত্ৰজোঁটৰ চৰকাৰখনে দ্ৰুতগতিত কামসমূহ কৰি আছে ৷ প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব বুলি তেও মন্তব্য কৰে ৷ জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম জুবিন অনুৰাগীৰ বাবে কিছু পলম হৈছে যদিও অতি শীঘ্ৰেই আৰম্ভ হ'ব বুলি মন্তব্য কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা