
গোলাঘাট, ০৯ মাৰ্চ (হি.স.)। ৰাজ্যৰ কৃষি বিভাগৰ অভিযান্তিক শাখাৰ 'কৃষি যান্ত্ৰিকীকৰণ উপ-আঁচনি ' ৰ অধীনত বোকাখাতত কৃষি যান্ত্ৰিক সঁজুলি বিতৰণ । বোকাখাত সমজিলাৰ ৬০ গৰাকী আবেদনকাৰী কৃষকক পাৱাৰটিলা বিতৰণ কৰে স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাই ।
বোকাখাত ৰাজহুৱা খেল পথাৰত আয়োজন কৰা অনুষ্ঠানত মন্ত্ৰীজনে কৃষি বিভাগৰ উন্ময়নৰ খতিয়ান উল্লেখ কৰি এই আঁচনিৰ সঁজুলিসমূহ কৃষকৰ হাতত তুলি দিয়ে ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা