বৰপেটা জিলাত টি–২০ বিশ্বকাপ জুৱা
বৰপেটা, ০৯ মাৰ্চ (হি.স.)। বৰপেটা জিলাত টি–২০ বিশ্বকাপ জুৱা । টি–২০ বিশ্বকাপক লৈ অনলাইন জুৱা। বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ এটা জুৱাৰী। ধৃত জুৱাৰীটো বৰপেটাৰোড চহৰৰ বাঁহবাৰীৰ নিভাজ বৰ্মন। বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰী
বৰপেটা জিলাত টি–২০ বিশ্বকাপ জুৱা


বৰপেটা, ০৯ মাৰ্চ (হি.স.)। বৰপেটা জিলাত টি–২০ বিশ্বকাপ জুৱা । টি–২০ বিশ্বকাপক লৈ অনলাইন জুৱা।

বৰপেটাৰোড আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ এটা জুৱাৰী। ধৃত জুৱাৰীটো বৰপেটাৰোড চহৰৰ বাঁহবাৰীৰ নিভাজ বৰ্মন।

বৰপেটাৰোড আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে জুৱাৰীটোক । জুৱাৰীটোৰ পৰা জুৱাত ব্যৱহৃত এটা মোবাইল জব্দ কৰে আৰক্ষীয়ে।

ইপিনে জুৱাৰীটোক গ্ৰেপ্তাৰক লৈ বৰপেটাৰোডতপ্ৰতিক্ৰীয়াৰ সৃষ্টি হৈছে।

প্ৰশ্ন উঠিছে, অনলাইন বৃহৎ জুৱাৰ সৈতে জৰিত ৰৌ-বৰালীসকলক গ্ৰেপ্তাৰৰ পৰিৱৰ্তে এনেদৰে দুই এটা পুঠি খলিহনা গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিব নেকি আৰক্ষীয়ে। এইক্ষেত্ৰত বৃহৎ জুৱাৰ সৈতে জৰিত মুল অপৰাধীচক্ৰটোক গ্ৰেপ্তাৰৰ দাবী কৰিছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande