
গোলাঘাট, ০৯ মাৰ্চ (হি.স.)। খুমটাইৰ চিনাতলীত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা । পশ্চিম গোলাঘাট আঞ্চলিক ছাত্ৰ সন্থাৰ নৱনির্মিত কাৰ্যালয়ৰ শুভ উদ্বোধন আছুৰ সভাপতি গৰাকীৰ। অনুষ্ঠানত অংশগ্ৰহণ কৰি সাম্প্ৰতিক প্ৰেক্ষাপটৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰসংগৰ ওপৰত প্ৰতিক্ৰিয়া উৎপল শৰ্মাৰ । জন আশীৰ্বাদ যাত্ৰাত সতী সাধনী বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলকভাৱে অংশগ্ৰহণ কৰোৱা ঘটনাৰ উচিত তদন্তৰ দাবী আছুৰ ।
বিহাৰী সম্প্ৰদায়ৰ লোকৰ বাবে বিধানসভাত আসন সংৰক্ষণৰ বিষয়ক গৰিহনা উৎপল শৰ্মাৰ । এনে ধৃষ্টতা নকৰিবলৈ সকিয়নী আছুৰ সভাপতি গৰাকীৰ। তাৰোপৰি জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগতো উদ্বিগ্ন সদৌ অসম ছাত্ৰ সন্থা । প্ৰাণৰ শিল্পী গৰাকীৰ পিতৃৰ আশু আৰোগ্য কামনা উৎপল শৰ্মাৰ । জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত সৰৱ হৈ চৰকাৰে পূৰ্বে কোৱা ধৰনেই সকলো কৰ্মপন্থা গ্ৰহণৰ দাবী আছুৰ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু