
কাঠমাণ্ডু, ০৭ মাৰ্চ (হি.স.)। নেপালৰ প্ৰতিনিধি সদনৰ প্ৰত্যক্ষ নিৰ্বাচনৰ বাবে ১৬১টা সমষ্টিত ভোটগণনা চলি আছে যদিও ভৌগোলিক আৰু বতৰ সম্পৰ্কীয় অসুবিধাৰ বাবে চাৰিটা সমষ্টিত এতিয়াও ভোট গণনা আৰম্ভ হোৱা নাই।
নিৰ্বাচন আয়োগৰ মুখপাত্ৰ সুমন ঘিমিৰে জনোৱা মতে, দুৰ্গম অঞ্চলৰ পৰা মূল ভোটকেন্দ্ৰলৈ বেলট বাকচ কঢ়িয়াই নিয়াত অসুবিধাৰ বাবে ভোটগণনা পলম হৈছে।
এতিয়াও গণনা আৰম্ভ নোহোৱা সমষ্টিসমূহৰ ভিতৰত আছে সংখুৱাসভা-১, গোৰ্খা-১, মুগু-১, আৰু ধনুছা-১।
বিষয়াসকলৰ মতে, সংখুৱাসভা-১ৰ পৰা বেলট বাকচ আহিছে, আৰু সকলো পক্ষৰ বৈঠকৰ অন্তত আজি সন্ধিয়াৰ পৰা গণনা আৰম্ভ হ’ব।
গোৰ্খা-১ৰ দুৰ্গম অঞ্চলৰ পৰা বেলট বাকচ সেনাৰ হেলিকপ্টাৰেৰে অনা হৈছে, আনহাতে মুগু-১ত বেলট বাকচ অহাৰ পিছতহে গণনা আৰম্ভ হ’ব।
ইফালে, ধনুষা-১ত ভোটগণনা প্ৰক্ৰিয়া সন্দৰ্ভত ৰাজনৈতিক দলসমূহৰ মাজত একমতত উপনীত হোৱাৰ প্ৰচেষ্টা অব্যাহত আছে, আৰু অতি সোনকালে ভোট গণনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইতিমধ্যে তাত গণনা আৰম্ভ হৈছিল যদিও পক্ষসমূহৰ মাজত হোৱা বিবাদৰ বাবে বিগত ৩৬ ঘণ্টা ধৰি গণনা বন্ধ হৈ আছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া