
কলকাতা, ০৭ মাৰ্চ (হি.স.)। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ধৰ্মতলা মেট্ৰ’ চেনেলত চলি থকা প্ৰতিবাদৰ দ্বিতীয় দিনা শনিবাৰে কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায় । তেওঁ বংগক দুৰ্বল কৰাৰ যিকোনো প্ৰচেষ্টাই দিল্লী চৰকাৰক উফৰাই পেলাব বুলি সকীয়াই দিয়ে ।
মুখ্যমন্ত্রী বেনাৰ্জীয়ে কয়, বিজেপিয়ে সাৱধান হ'ব লাগে। ভোট কৰ্তন কৰি বংগক বিভাজন কৰিব নোৱাৰি। বংগই যুঁজি আছে আৰু যুঁজিব জানে । আৰু কিবা হ'লে আমি দিল্লী চৰকাৰক উফৰাই দিম।
প্ৰতিবাদী মঞ্চৰ পৰাই কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিক ভয়-ভাবুকিৰ ৰাজনীতিত লিপ্ত হোৱাৰ অভিযোগো উত্থাপন কৰে। মমতাই কয় যে বহু লোকক পোষ্টৰ পৰা আঁতৰাই নিয়াৰ বা হেঁচা দিয়াৰ চেষ্টা কৰা হৈছে, কিন্তু জনসাধাৰণে সকলো চকু ৰাখিছে।
শেহতীয়াকৈ ৰাজ্যপালক অপসাৰণ কৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে নিৰ্বাচনৰ পূৰ্বে ৰাজ্যপালক সলনি কৰাৰ সিদ্ধান্ত বুজিব নোৱাৰা সাথৰ।
কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰি মমতা বেনাৰ্জীয়ে কয় যে দিল্লীত থকাসকল অহংকাৰী আৰু ক্ষমতা বজাই ৰাখিবলৈ মিত্ৰৰ ওপৰত নিৰ্ভৰশীল। বিশেষভাৱে চন্দ্ৰবাবু নাইডুৰ কথা উল্লেখ কৰি মমতাই কয় যে চন্দ্ৰবাবুৰ দয়াত চৰকাৰ চলি আছে। ৰাজহুৱা বিষয়ত তেওঁৰ যুঁজ অব্যাহত থাকিব বুলি দাবী কৰে মমতাই।
প্ৰতিবাদী মঞ্চৰ পৰা ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে মহাৰাষ্ট্ৰৰ নেতা অজিত পাৱাৰৰ কথাও উল্লেখ কৰি কয় যে যি গোচৰত তেওঁ পূৰ্বে নিৰপেক্ষ তদন্তৰ দাবী জনাইছিল, সেই গোচৰটো এতিয়া দোষী সাব্যস্ত কৰা হৈছে।
নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়াৰ বিৰোধিতা কৰি মুখ্যমন্ত্ৰীৰ এই প্ৰতিবাদক ৰাজনৈতিক মহলত এক গুৰুত্বপূৰ্ণ ৰাজনৈতিক বাৰ্তা হিচাপে দেখা গৈছে। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা এই প্ৰতিবাদী কাৰ্যসূচীয়ে শনিবাৰে দ্বিতীয় দিনত প্ৰৱেশ কৰে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া