
নতুন দিল্লী, ০৭ মাৰ্চ (হি.স.)। পশ্চিম এছিয়াত চলি থকা সামৰিক উত্তেজনা আৰু হৰমুজ জলদ্বীপৰ জৰিয়তে আমদানি কৰা তৰলীকৃত প্ৰাকৃতিক গেছ (এল এন জি) যোগানত ব্যাঘাত জন্মাৰ পিছত ঘৰুৱা এল পি জি (লিকুইফাইড পেট্ৰলিয়াম গেছ) চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা হৈছে। ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য ৬০ ₹ আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য ১১৪.৫ ₹ বৃদ্ধি কৰা হৈছে। শনিবাৰৰ পৰা কাৰ্যকৰী হৈছে এই নতুন হাৰ।
ভাৰতীয় তেল নিগমৰ তথ্য অনুসৰি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীত ৰাজসাহায্যবিহীন ১৪.২ কেজিৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া ৮৫৩ ₹ৰ পৰা ৯১৩ ₹লৈ বৃদ্ধি পাইছে। যোৱা ১১ মাহত এয়া দ্বিতীয়টো বৃদ্ধি। ইয়াৰ পূৰ্বে ২০২৫ চনৰ ৮ এপ্ৰিলত ৫০ টকা বৃদ্ধি পাইছিল।
পশ্চিম এছিয়াত চলি থকা সামৰিক সংঘাত আৰু বিশ্বৰ ইন্ধন বজাৰৰ বাবে গেছৰ ব্যয় বৃদ্ধিৰ বাবেই এই মূল্যবৃদ্ধিৰ সৃষ্টি হৈছে। হৰমুজ জলদ্বীপৰ জৰিয়তে আমদানি কৰা তৰলীকৃত প্ৰাকৃতিক গেছৰ (এল এন জি) যোগানৰ ওপৰত ইয়াৰ প্ৰভাৱো এটা কাৰক বুলি ধাৰণা কৰা হৈছে।
আই অ’ চিৰ তথ্য অনুসৰি বিভিন্ন ৰাজ্যত স্থানীয় বিক্ৰী কৰ বা মূল্য সংযোজিত কৰ (ভেট)ৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি এল পি জিৰ মূল্য বেলেগ বেলেগ হয়। নতুন হাৰৰ অধীনত ১৪.২ কিলোগ্ৰাম ওজনৰ ঘৰুৱা এল পি জি চিলিণ্ডাৰৰ মূল্য এতিয়া মুম্বাইত ৯১২.৫০ ₹, কলকাতাত ৯৩৯ ₹, আৰু চেন্নাইত ৯২৮.৫০ ₹। নয়ডাত ঘৰুৱা চিলিণ্ডাৰৰ দামও দিল্লীৰ দৰেই ₹৯১৩ হৈ পৰিছে।
হোটেল, ৰেষ্টুৰেণ্ট, আৰু অন্যান্য বাণিজ্যিক প্ৰতিষ্ঠানত ব্যৱহৃত ১৯ কেজি ওজনৰ এটা বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্যও ১১৪.৫ ₹ বৃদ্ধি কৰা হৈছে আৰু নতুন দিল্লীত ইয়াৰ মূল্য ১,৮৮৩₹ হৈছে। ইয়াৰ পূৰ্বে ১ মাৰ্চত ১৯ কিলোগ্ৰাম ওজনৰ চিলিণ্ডাৰৰ মূল্যও ২৮ ₹ বৃদ্ধি কৰা হৈছিল।
নতুন মূল্য অনুসৰি মুম্বাইত ১৯ কিলোগ্ৰামৰ এটা বাণিজ্যিক চিলিণ্ডাৰ ১৮৩৫ টকাত উপলব্ধ হ’ব, আনহাতে কলকাতাত ইয়াৰ মূল্য ১৯৯০₹ আৰু চেন্নাইত ২,০৪৩.৫০₹লৈ বৃদ্ধি পাইছে। চলিত বৰ্ষৰ এতিয়ালৈকে বাণিজ্যিক এল পি জি চিলিণ্ডাৰৰ মূল্য মুঠ ₹৩০২.৫০ টকা বৃদ্ধি পাইছে।
অৱশ্যে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ বাবে সকাহ অব্যাহত থাকিব। এই আঁচনিৰ অধীনত বিনামূলীয়া এল পি জি সংযোগ লাভ কৰা ১০ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালে বছৰি ১২ চিলিণ্ডাৰ পৰ্যন্ত প্ৰতি চিলিণ্ডাৰত ৩০০ টকাৰ ৰাজসাহায্য লাভ কৰি থাকিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া